কোৰোণা ভাইৰাছৰ লগত কেঁকো সাপৰ কি সৰ্ম্পক? ধুবুৰীত দুজনক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:February 19, 2020, 4:47 PM IST
কোৰোণা ভাইৰাছৰ লগত কেঁকো সাপৰ কি সৰ্ম্পক? ধুবুৰীত দুজনক গ্ৰেপ্তাৰ
বিগত দুমাহৰ পৰা কোৰোণা ভাইৰাছে চীন দেশত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত এনেধৰনৰ জীৱ–জন্তুৰ লগতে বিভিন্ন ধৰণৰ বনৌষধিৰ  দেশখনত  চাহিদা বৃদ্ধি পোৱা বুলি সূত্ৰ এটাই ক’ব বিচাৰে।

বিগত দুমাহৰ পৰা কোৰোণা ভাইৰাছে চীন দেশত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত এনেধৰনৰ জীৱ–জন্তুৰ লগতে বিভিন্ন ধৰণৰ বনৌষধিৰ  দেশখনত  চাহিদা বৃদ্ধি পোৱা বুলি সূত্ৰ এটাই ক’ব বিচাৰে।

  • Share this:
কোৰোণা ভাইৰাছৰ লগত কেঁকো সাপৰ কিবা সৰ্ম্পক আছে নেকি? কাৰণ বিগত এটা মাহত মেঘালয়ৰ জংঘলত পোৱা কেঁকো, বনৰৌ আদি প্ৰাণীৰ চোৰাং ব্যৱসায়ী সক্ৰিয় হৈ পৰিছে ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত। মঙলবাৰে আবেলি ধুবুৰী জিলাৰ গোলকগঞ্জৰ গৰেৰহাটত পাঁচটা দুষ্প্রাপ্য কেঁকো সাপসহ দুজনক আটক কৰে গুৱাহাটী অপৰাধ শাখা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে। চোৰাং ব্যৱসায়ীৰ দলটোৱে  AS 17 H 2131 নম্বৰৰ এল্ট’ গাড়ী এখনত আন্তঃৰাষ্ট্ৰীয় বজাৰ হিচাপত আনুমানিক প্ৰায় পাঁচ লাখ টকা মূল্যৰ পাঁচটাকৈ কেঁকো সাপ বাংলাদেশ সীমান্তলৈ লৈ যোৱাৰ পথত জব্দ কৰে আৰক্ষীয়ে।

গুৱাহাটী অপৰাধ শাখা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে গোলকগঞ্জৰ গৰেৰহাটৰ ১৭নং ঘাইপথত তালাচী চলাই  পাঁচটাকৈ দুষ্প্রাপ্য কেঁকোসাপ উদ্ধাৰ কৰে। গাড়ীখনত অহা হৰিদাস ৰায় আৰু ছানোৱাৰ হুছেইন নামৰ দুজন চোৰাং ব্যৱসায়ীক আটক কৰি ছাগলীয়া বন বিভাগক গতাই দিয়ে। ধুবুৰী জিলাৰ লোহাজানী গাঁৱৰ হৰিদাস ৰায় আৰু দীঘলটাৰী গাঁৱৰ ছানোৱাৰ হুছেইনে দীৰ্ঘদিনৰ পৰা বনৌষধিৰ চোৰাং ব্যৱসায় চলাই অহাৰ তথ্য লাভ কৰিছিল অপৰাধ শাখাই।

ধুবুৰী জিলা বন বিষয়া বিশ্বজিৎ ৰায়ে বৰ্তমানে সমগ্ৰ ঘটনাৰ অনুসন্ধান চলাইছে আৰু মেঘালয়ৰ দুষ্প্ৰাপ্য প্ৰাণীসমূহ চীনলৈ ৰপ্তানি হোৱাৰ আশংকা ব্যক্ত কৰিছে। উল্লেখযোগ্য যে বিগত দুমাহৰ পৰা কোৰোণা ভাইৰাছে চীন দেশত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত এনেধৰনৰ জীৱ–জন্তুৰ লগতে বিভিন্ন ধৰণৰ বনৌষধিৰ  দেশখনত  চাহিদা বৃদ্ধি পোৱা বুলি সূত্ৰ এটাই ক’ব বিচাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি