মহানগৰীৰ বিলাসী হোটেলত চাইবাৰ অপৰাধীৰ ঘাটি, হোটেল নক্ষত্ৰৰ পৰা গ্ৰেপ্তাৰ ৫জনক

দীৰ্ঘদিন ধৰি ধন হৰলুকীৰ কাৰ্যত জড়িত আছিল ধৃত আটাইকেইজন।

News18-Assam
Updated:October 10, 2019, 2:50 PM IST
মহানগৰীৰ বিলাসী হোটেলত চাইবাৰ অপৰাধীৰ ঘাটি, হোটেল নক্ষত্ৰৰ পৰা গ্ৰেপ্তাৰ ৫জনক
দীৰ্ঘদিন ধৰি ধন হৰলুকীৰ কাৰ্যত জড়িত আছিল ধৃত আটাইকেইজন।
News18-Assam
Updated: October 10, 2019, 2:50 PM IST
মহানগৰীত গ্ৰেপ্তাৰ হ’ল ৫ চাইবাৰ অপৰাধী। বেলতলাস্থিত হোটেল নক্ষত্ৰত বাহৰ পাতি আছিল ৫ দুৰ্ধৰ্ষ অপৰাধীয়ে। ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত হোটেল নক্ষত্ৰৰ ৬০৭ নং কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অপৰাধীকেইটাক। ধৃত অপৰাধীকেইটাৰ নাম আকাশ শৰ্মা, সমৰেন্দ্ৰ ব্ৰহ্ম, প্ৰফুল্ল লালজাণুৰ, সুনীল বাগলাৰী আৰু মেহৰাজ আহমেদ লস্কৰ। জব্দ ২০খন ATM কাৰ্ড আৰু বহুকেইটা চেক বুক। দীৰ্ঘদিন ধৰি ধন হৰলুকীৰ কাৰ্যত জড়িত আছিল ধৃত আটাইকেইজন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি