உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, ছুইফ্ট ডিজায়াৰ–ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫জন থিতাতে নিহত

    দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, ছুইফ্ট ডিজায়াৰ–ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫জন থিতাতে নিহত

    এতিয়ালৈকে  নিহতসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল।

    • Share this:
    দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ছুইফ্ট ডিজায়াৰখনৰ ৫জন আৰোহী। আনহাতে, তিনিজন লোক আহত হয় এই দুৰ্ঘটনাৰ ফলত।

    তেজপুৰ অভিমুখী AS-13 CC-1002 নম্বৰৰ  ট্ৰাকৰ সৈতে গুৱাহাটীমুখী AS-07G- 6794 নম্বৰৰ  চুইফ্ট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

    নিহত ফৰিদুল ইছলাম, আজাদ আলী আৰু ইব্ৰাহিম আলীৰ ঘৰ দৰঙৰ শ্যামপুৰত। নিহত মঞ্জুৱাৰা বেগম আৰু ছানিয়া আখতাৰাৰ ঘৰ দলগাঁও দৈপামত।

    আনহাতে, আহত ৰফিকুল ইছলাম, আব্বাজ আলী আৰু আব্দুল আৱালৰ ঘৰ দৰঙৰ আৰিমাৰী শ্যামপুৰত। আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: