• Home
  • »
  • News
  • »
  • assam
  • »
  • পকা আম বুটলিবলৈ গৈ কৰিমগঞ্জৰ ৰাতাবাৰীত বজ্ৰপাতত নিহত ৫জন লোক

পকা আম বুটলিবলৈ গৈ কৰিমগঞ্জৰ ৰাতাবাৰীত বজ্ৰপাতত নিহত ৫জন লোক

অঞ্চলটোত প্ৰবল ধুমুহা চলি থকাৰ সময়তে এজোপা আমগছৰ তলত আম পৰি থকা দেখি বুটলিবলৈ গৈছিল লোককেইজন।

অঞ্চলটোত প্ৰবল ধুমুহা চলি থকাৰ সময়তে এজোপা আমগছৰ তলত আম পৰি থকা দেখি বুটলিবলৈ গৈছিল লোককেইজন।

অঞ্চলটোত প্ৰবল ধুমুহা চলি থকাৰ সময়তে এজোপা আমগছৰ তলত আম পৰি থকা দেখি বুটলিবলৈ গৈছিল লোককেইজন।

  • Share this:
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিত অঘটন। ৰামকৃষ্ণনগৰ অঞ্চলৰ ইছাখাউৰি গাঁৱত বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে। নিহতৰ ভিতৰত আছে ৪টি শিশু। চাৰি শিশুৰ লগতে এজন ২৫ বছৰীয়া যুৱক নিহত হয় বজ্ৰপাতত। এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুজন লোক। দুয়োকে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পাৰা মতে, অঞ্চলটোত প্ৰবল ধুমুহা চলি থকাৰ সময়তে এজোপা আমগছৰ তলত আম পৰি থকা দেখি বুটলিবলৈ গৈছিল লোককেইজন। সেই সময়তে বজ্ৰ পৰাত নিহত হয় আটাইকেইজন। ততাতৈয়াকৈ আটাইকে স্থানীয় ৰামকৃষ্ণনগৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে আটাইকে।

নিহতকেইজনৰ নাম হৈছে ইছলাম উদ্দিন(২৫), আনোৱাৰ হুছেইন(১২), দিলৱাৰ হুছেইন(১০), শ্বৰিফ উদ্দিন(১২) আৰু আবিদা বেগম(৯)। গুৰুতৰভাৱে আহত পাৰুল বেগম (১২) ছাইমুল উদ্দিন। ঘটনাৰ পিছতে স্থানীয় বিধায়ক বিজয় মালাকাৰে ৰামকৃষ্ণনগৰ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
First published: