উচ্চ শিক্ষা: কোকৰাঝাৰত উপস্থিত বাংলাদেশৰ পাঁচজনীয়া বড়ো ছাত্ৰ-ছাত্ৰীৰ দল
News18-Assam Updated:August 23, 2019, 9:41 PM IST

ইতিমধ্যে বড়ো জনগোষ্ঠীয় পাঁচজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো উপস্থিত হৈছে কোকৰাঝাৰত
ইতিমধ্যে বড়ো জনগোষ্ঠীয় পাঁচজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো উপস্থিত হৈছে কোকৰাঝাৰত
- News18 Assam
- Last Updated: August 23, 2019, 9:41 PM IST
এনে এক সময়তে বাংলাদেশৰ পৰা আহিছে পাঁচজনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দল ৷ লক্ষ্য তথা উদ্দেশ্য- উচ্চ শিক্ষা ৷ ইতিমধ্যে বড়ো জনগোষ্ঠীয় পাঁচজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো উপস্থিত হৈছে কোকৰাঝাৰত ৷
বৃহস্পতিবাৰে কোকৰাঝাৰত বাংলাদেশৰ পাঁচ বড়ো ছাত্ৰ-ছাত্ৰীৰ দলটো উপস্থিত হোৱাৰ পিছত শনিবাৰে ছাত্ৰ-ছাত্ৰীৰ দলটোক আদৰণি জনোৱা হয় ৷ কোকৰাঝাৰৰ ছায়েন্স কলেজত আয়োজন কৰা আদৰণি অনুষ্ঠানটোত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, বড়ো সাহিত্য সভা আৰু অন্যান্য দল-সংগঠনে দলটোক আদৰণি জনায় ৷

“বাংলাদেশত প্ৰায় দুই লাখ বড়ো, অসমীয়া, গাৰো আৰু অন্যান্য অসমৰ খিলঞ্জীয়া লোকে বসবাস কৰে ৷ আৰু সেই দুইলাখ লোকৰ বাবে বাংলাদেশত আছে এখন উন্নয়ন পৰিষদ ৷ বাংলাদেশত বসবাস কৰা বড়োসকলৰ মাজত আছে একতা”, এনেদৰে অনুষ্ঠানটোত বক্তব্য ৰাখে সাংসদ দৈমাৰীয়ে ৷
ছাত্ৰ-ছাত্ৰীৰ দলটোৱেও অসমলৈ আহি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰাত সুখী বুলি মন্তব্য কৰে ৷