এই অভিযানত আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা এটা লেপটপ, প্ৰিণ্টাৰ, স্কেনাৰ আদিৰ লগতে ১৩০০০ নগদ ধন জব্দ কৰে বৰপেটা আৰক্ষীয়ে৷
এই অভিযানত আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা এটা লেপটপ, প্ৰিণ্টাৰ, স্কেনাৰ আদিৰ লগতে ১৩০০০ নগদ ধন জব্দ কৰে বৰপেটা আৰক্ষীয়ে৷
আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত বৰপেটাত ব্যাপক অনিয়ম৷ বৰপেটাৰ ধানবন্ধা গাঁৱত আৰক্ষীৰ অভিযান৷ গ্ৰেপ্তাৰ হ’ল ৫ যুৱক৷ ধনৰ বিনিময়ত ধানবন্ধা গাঁৱৰ আইনাল হকৰ ঘৰত চলিছিল আধাৰ কাৰ্ডৰ কাম৷
নিশা বৰপেটা আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে আধাৰ কাৰ্ডৰ কাম কৰি থকা অৱস্থাত আটক কৰিলে পাঁচজন যুৱকক ৷ আটকাধীন যুৱককেইজন ক্ৰমে মোজামিল খান, নাছিৰ উদ্দিন, ছাহজাহান আলী, আইনাল হক আৰু ছাইদুল ইছলাম৷ আনহাতে বাবুল নামৰ আন এজন যুৱক পলাই সাৰিবলৈ সক্ষম হয়৷
এই অভিযানত আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা এটা লেপটপ, প্ৰিণ্টাৰ, স্কেনাৰ আদিৰ লগতে ১৩০০০ নগদ ধন জব্দ কৰে বৰপেটা আৰক্ষীয়ে৷
আধাৰ কাৰ্ডৰ কাম কৰিব লাগে পঞ্চায়ত অফিচত, কিন্তু এইসকল লোকে ধনৰ বিনিময়ত নিশা ১১-৪৫ বজালৈ কাম কৰি আছিল আইনাল হকৰ ঘৰত৷ ধৃত যুৱককেইজনক আজি আদলতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|