মুখ্যপৃষ্ঠা »খবৰ »অসম »চলিছিল যৌন দৃশ্যৰ শ্বুটিং! পৰ্ণগ্ৰাফী নিৰ্মাণ কৰি থকাৰ মাজতে গ্ৰেপ্তাৰ হ'ল মডেল আৰু পৰিচালক

চলিছিল যৌন দৃশ্যৰ শ্বুটিং! পৰ্ণগ্ৰাফী নিৰ্মাণ কৰি থকাৰ মাজতে গ্ৰেপ্তাৰ হ'ল মডেল আৰু পৰিচালক

অশ্লীল দৃশ্যৰ শ্বুটিং চলিছিল। হাতে লুটে ধৰা পৰি গ্ৰেপ্তাৰ হল মডেল, পৰিচালক, লািটমেন আৰু দুই কেমেৰামেন। লগতে জব্দ কৰা হয় ৪ লাখ টকাৰ কেমেৰা, লেপটপ, মোবাইল।

অশ্লীল দৃশ্যৰ শ্বুটিং চলিছিল। হাতে লুটে ধৰা পৰি গ্ৰেপ্তাৰ হল মডেল, পৰিচালক, লািটমেন আৰু দুই কেমেৰামেন। লগতে জব্দ কৰা হয় ৪ লাখ টকাৰ কেমেৰা, লেপটপ, মোবাইল।

  • Share this:
খোদ মুম্বাইতে নিৰ্মাণ কৰা হৈছে পৰ্ণগ্ৰাফী। মুম্বাইত এটা ঘৰ ভাড়া কৰি নিৰ্মাণ কৰা হৈছিল নীলা ছবি বা অশ্লীল ছবি। ভাৰতত পৰ্ণগ্ৰাফী নিৰ্মাণ সম্পূৰ্ণ ৰূপে নিষিদ্ধ। কেৱল নিষিদ্ধই নহয়, ধৰা পৰিলে কঠোৰ শাস্তি প্ৰদানৰো ব্যৱস্থা আছে। কিন্তু এই সকলো জনাৰ পিছতে মনে মনে নিৰ্মাণ কৰিছিল মুম্বাইৰ এজন পৰিচালকে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি আৰক্ষীয়ে সন্দেহ কৰি আছিল যে, সেই ঘৰটোতে কিছু অসামাজিক কাম-কাজ চলে। মাজে মাজে মডেল, অভিনেতা-অভিনেত্ৰীৰো সঘন অহা যোৱা চলিছিল ঘৰটোলৈ। কেমেৰা, লাইট, লেপটপ সকলো নিয়া হৈছিল। আৰু তাৰ পিছতে ঘৰৰ ভিতৰত শ্বুটিং চলিছিল। ঘৰটোৰ কাষৰে এজন লোকৰ প্ৰথমে উপজিছিল সন্দেহ। প্ৰথমে অঞ্চলটোৰ স্থানীয় আৰক্ষীক খবৰ দিয়ে। বহুসময়ত নতুন মডেলসকলকো প্ৰশ্ন কৰিছিল লোকজনে। কিন্তু কোনেও সঠিক উত্তৰ দিব পৰা নাছিল। কিন্তু অৱশেষত আৰক্ষীয়ে পোহৰলৈ আনে সমগ্ৰ বিষয়টো।

শুকুৰবাৰে হঠাৎ আৰক্ষী উপস্থিত হয় ঘৰটোত। সেইসময়তে চলি আছিল এখন অশ্লীল ছবিৰ শ্বুটিং। আৰু হাতে লুটে ধৰা পৰি গ্ৰেপ্তাৰ হ'ল মডেল, পৰিচালক, লািটমেন আৰু দুজন কেমেৰামেন। লগতে জব্দ কৰা হয় ৪ লাখ টকাৰ কেমেৰা, লেপটপ, মোবাইল। পৰিচালকজনৰ একাউণ্টত আছিল প্ৰায় ৩৬ লাখ টকা।

শেহতীয়া বাতৰি