বিহালীৰ কাছমাৰী গাঁৱত উদ্ধাৰ হৈছে হৰিণাৰ মাংস
বিহালীৰ কাছমাৰী গাঁৱত উদ্ধাৰ হৈছে হৰিণাৰ মাংস
বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত বিহালীৰ কাছমাৰী গাঁৱত উদ্ধাৰ হৈছে হৰিণাৰ মাংস। নিজৰ বাসগৃহত মাংস ৰান্ধি থকাৰ সময়তে গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলে হৰিণাৰ মাংস জব্দ কৰাৰ লগতে আটক কৰে পাছজন লোকক । কেঁচা, আধা ৰন্ধা, পোৰা আৰু ৰন্ধা হৰিণাৰ মাংস জব্দ কৰে অভিযানকাৰী দলটোৱে। মাংসৰ লগতে অভিযানকাৰী দলে আটক কৰা ব্যক্তি কেইজন ক্ৰমে বিক্ষেশ্বৰ বাউৰী (34)(কাছমাৰী), যোগেশ তছা (40) (কাছমাৰী), সুনীল ওৰাং ( 28) (কাছমাৰী), ফাগু বিৰ্জা(45) (কাছমাৰী), নিৰ্মল খেৰুৱাৰ (38) (১নং বিহালী) ৷ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|