কঁঠাল গছতে আছে, ওঁঠত তেল লগাই সাজু AIUDF নেতা!

News18 Assam | News18-Assam
Updated:September 16, 2020, 10:09 AM IST
কঁঠাল গছতে আছে, ওঁঠত তেল লগাই সাজু AIUDF নেতা!
মন্ত্ৰী হোৱাৰ সপোন দেখি ইজনে সিজনক কিদৰে লেং মাৰিব পাৰে তাৰো প্ৰস্তুত কৰিছে কূট–কৌশল ৷

মন্ত্ৰী হোৱাৰ সপোন দেখি ইজনে সিজনক কিদৰে লেং মাৰিব পাৰে তাৰো প্ৰস্তুত কৰিছে কূট–কৌশল ৷

  • News18 Assam
  • Last Updated: September 16, 2020, 10:09 AM IST
  • Share this:
কঠাল গছতে আছে, ওঁঠত তেল লগাই সাজু পাঁচ AIUDFনেতা৷ কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ হৈ চৰকাৰ গঠন কৰি মন্ত্ৰী হোৱাৰ সপোন দেখিছে AIUDFৰ নেতা–বিধায়কে৷ এই দৌৰত আছে চাৰিজনকৈ বিধায়কৰ লগতে এজন AIUDFৰ নেতা৷

কংগ্ৰেছ–AIUDFৰ মহাজোঁট বন্ধনে দিনতো সপোন দেখুৱাইছে এতিয়া AIUDFৰ পাঁচ নেতাক৷ চৰকাৰ গঠন হ'লে কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ এতিয়া আৰম্ভ হৈছে নিজৰ মাজতে চিন্তা–চৰ্চা৷ চৰকাৰ গঠনৰ সপোন দেখাৰ লগতে মন্ত্ৰী হোৱাৰ সপোনত মগ্ন ঢিঙৰ বিধায়ক আমিনুল ইছলাম,নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, জনিয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, পূব বিলাসীপাৰাৰ AIUDFৰ জ্যেষ্ঠ বিধায়ক হাফিজ বচিৰ আহমেদ কাছিমী আৰু AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম৷

মন্ত্ৰী হোৱাৰ সপোন দেখি ইজনে সিজনক কিদৰে লেং মাৰিব পাৰে তাৰো প্ৰস্তুত কৰিছে কূট–কৌশল ৷ ইয়াৰ মাজতে ফেক্টৰ হৈ থিয় দিছে মামুন ইমদাদুল হক চৌধুৰী৷ কথা এটাই, মহাজোঁটৰ চৰকাৰ হ'লে দুজনেহে লাভ কৰিব মন্ত্ৰিত্ব৷ এই দুজন হ'ব কোন? দক্ষতাৰ দিশত মামুন ইমদাদুল হক চৌধুৰী অন্যতম৷ গতিকে মামুন ইমদাদুল হক চৌধুৰীৰ কেৰিয়াৰ কিদৰে ধ্বংস কৰিব পাৰি তাৰ বাবে উঠি পৰি লাগিছে দলৰে একাংশ! আনকি মামুন ইমদাদুলৰ কেৰিয়াৰ নষ্ট কৰিবলৈকে দলৰে একাংশই APCCৰ সভাপতিক নাওবৈচাত নিৰ্বাচন খেলিবলৈ ধৰিছে খাতনি ৷

ৰিপুণ বৰা নাওবৈচাৰ প্ৰাৰ্থী হ'লে মামুন ইমদাদুল হক চৌধুৰী বেলেগ সমষ্টিত গৈ পৰাজিত হোৱাতো নিশ্চিত৷ ইফালে AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামক লাগে মানকাচৰ সমষ্টি৷ অংক এটাই জয়ী হোৱাৰ লগে লগে লাগে মন্ত্ৰিত্ব৷ মন্ত্ৰিত্বৰ সপোন দেখা সাধাৰণ সম্পাদক আমিনুল ইছলামৰ সন্মুখত প্ৰত্যাহ্বান মামুন ইমদাদুল, ড০ হাফিজ ৰফিকুল ইছলাম, ঢিঙৰ বিধায়ক আমিনুল ইছলাম আৰু দলটোৰ জ্যেষ্ঠ বিধায়ক হাফিজ বচিৰ আহমেদ কাছিমী৷ গছতে থকা কঁঠাল নপকোতেই সেয়েহে আমিনুল ইছলামে ওঁঠত তেল লগাই ৰাজনীতি কৰা বুলি চলিছে চৰ্চা৷
Published by: Sanjay Kumar Das
First published: September 16, 2020, 10:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading