உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Hojai: হোজাইত দৰৱৰ দোকান দৰৱ নহয় ওলাইছে আন কিবা, আবকাৰীয়ে নোৱৰা কাম কৰিলে আৰক্ষীয়ে

    Hojai: হোজাইত দৰৱৰ দোকান দৰৱ নহয় ওলাইছে আন কিবা, আবকাৰীয়ে নোৱৰা কাম কৰিলে আৰক্ষীয়ে

    ঔষধৰ দোকানত ঔষধৰ পৰিৱৰ্তে সুৰা জব্দ হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল‍্যৰ। 

    ঔষধৰ দোকানত ঔষধৰ পৰিৱৰ্তে সুৰা জব্দ হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল‍্যৰ। 

    ঔষধৰ দোকানত ঔষধৰ পৰিৱৰ্তে সুৰা জব্দ হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল‍্যৰ। 

    • Share this:
    হোজাইত আবকাৰী বিভাগে কৰিব নোৱৰা কাম কৰিলে আৰক্ষীয়ে। মুঠৰ ওপৰত আবকাৰী বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এতিয়া হোজাই জিলাত  দৰৱৰ দোকানতো উপলব্ধ হৈছে বিলাতী সুৰা (liquor seized at drug store)। কিন্তু অবৈধভাৱে সুৰা বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে কমিছন লোৱাতহে বেছি ব্যস্ত থকা বুলি সৰ্বত্ৰ অভিযোগ উত্থাপিত হোৱাৰ মাজতে আবকাৰী বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱালে আৰক্ষীয়ে।

    লংকাৰ নখুঁটিত আৰক্ষীয়ে (Hojai Police) আব্দুল হুছেইনৰ দৰৱৰ দোকানত অভিযান চলাই জব্দ কৰিছে ৪৮০ বটল বিদেশী সুৰা। লগতে গ্ৰেপ্তাৰ  কৰিছে আব্দুল হুছেইন  নামৰ  সুৰা বেপাৰীগৰাকীক। ধৃত আব্দুল হুছেইনে দীৰ্ঘদিন ধৰি  দৰৱৰ দোকানৰ পৰা সুৰাৰ বেহা চলোৱাৰ  আছে অভিযোগ।

    সম্প্ৰতি  লামডিং আৰক্ষীৰ জিম্মাত থকা আব্দুল হুছেইনক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। ইপিনে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ আশেপাশে গঢ় লৈ উঠিছে সুৰাৰ অবৈধ ঘাটি। এইবোৰত আবকাৰী বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হোৱাৰ সময়তে ঔষধৰ দোকানত ঔষধৰ পৰিৱৰ্তে সুৰা জব্দ হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল‍্যৰ।
    Published by:Gautam Barman
    First published: