• Home
  • »
  • News
  • »
  • assam
  • »
  • BJPৰ বিৰুদ্ধে ৩৭ পৃষ্ঠাৰ ৮৪টা মহা-অভিযোগ কংগ্ৰেছৰ, কি এই মহা-অভিযোগ?

BJPৰ বিৰুদ্ধে ৩৭ পৃষ্ঠাৰ ৮৪টা মহা-অভিযোগ কংগ্ৰেছৰ, কি এই মহা-অভিযোগ?

দেওবাৰে ৰাজীৱ ভৱনত BJP বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

দেওবাৰে ৰাজীৱ ভৱনত BJP বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

দেওবাৰে ৰাজীৱ ভৱনত BJP বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷

  • Share this:
সমগ্ৰ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়ত শাসকীয় BJPৰ বিৰুদ্ধে মহা-অভিযোগ আনিলে বিৰোধী কংগ্ৰেছে৷ প্ৰকাশ কৰিলে শাসকীয় BJPৰ বিৰুদ্ধে অভিযোগনামা৷ ৩৭ পৃষ্ঠাৰ অভিযোগনামাত লিপিবদ্ধ কৰিলে ৮৪টা অভিযোগ৷

দেওবাৰে ৰাজীৱ ভৱনত BJP বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ তেওঁক সহযোগ কৰে সাংসদ আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বিজেন শৰ্মা, ৱাজেদ আলী চৌধুৰী, ববিতা শৰ্মাই৷

অভিযোগনামাৰ পুস্তিকা উন্মোচন কৰি জীতেন্দ্ৰ সিঙে ক'লে- “পাঁচ বছৰত BJP চৰকাৰে কৰা কামৰ অভিযোগনামা আমি প্ৰস্তুত কৰিছো৷ ২০১৬ত জাতি–মাটি-ভেটিৰ শ্লোগান দিয়া BJPএ জাতি-মাটি-ভেটিৰ বিৰুদ্ধে গৈ CAA আনিলে৷ প্ৰতিবছৰে পাঁচ লাখকৈ চাকৰি দিয়া হ'ব বুলি কৈছিল BJP–এ৷ থকা চাকৰিও গ'লহে মানুহৰ৷ এইবোৰ অভিযোগনামাত আমি সন্নিৱিষ্ট কৰিছো৷

জীতেন্দ্ৰ সিঙে লগতে ক'লে- “দিল্লীৰ পৰা ৰিম’ট কন্ট্ৰ’ল টিপিলেই অসমত অসমীয়াৰ সা-সম্পত্তি বিক্ৰি হয়৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বিক্ৰী কৰিলে৷ দুটাকৈ কাগজ কলৰ একো নকৰিলে৷ এই চৰকাৰ ছিণ্ডিকেটৰ চৰকাৰৰ৷ সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীতে ছিণ্ডিকেট চলাইছে৷ এজন Chief Minister আৰু এজন Super Chief Minister–এ পৃথকে পৃথকে ছিণ্ডিকেটৰাজ চলাই আছে৷”

গৌৰৱ গগৈ নে ৰিপুণ বৰা মুখ্যমন্ত্ৰী হ'ব? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জীতেন্দ্ৰ সিঙে ক'লে- “কংগ্ৰেছৰ কৰ্মীয়ে মুখ্যমন্ত্ৰী হ'ব৷ অসমৰ  মাটিৰ সন্তানেই মুখ্যমন্ত্ৰী হ'ব৷ আমাৰ চৰকাৰত এজনেই মুখ্যমন্ত্ৰী থাকিব, দুজন নাথাকিব৷ BJPত কোনজন মুখ্যমন্ত্ৰী মই ধৰিবই নোৱাৰো৷”
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি