ভোটদানৰ অধিকাৰ হেৰুৱাই ক্ষুদ্ধ হৈ পৰে বঞ্চিত ভোটাৰসকল৷
ভোটদানৰ অধিকাৰ হেৰুৱাই ক্ষুদ্ধ হৈ পৰে বঞ্চিত ভোটাৰসকল৷
আজি বিটিচিৰ পৰিয়দীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই আহিছে ভোটকেন্দ্ৰলৈ৷ পিছে বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ৩০নং ভোটকেন্দ্ৰত ঘটিল বিসংগতি৷ ভোট দিবলৈ আহি উভতি যাবলগা হ’ল অৰ্ধশতাধিক লোক৷
সমষ্টিটোৰ ৫১৫ নং দীঘেলি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৪৭ গৰাকী ভোটাৰৰ নাম delete দেখুৱাত ভোটদানৰ পৰা বঞ্চিত হ’বলগা হয়৷ ইয়াকে লৈ ভোটকেন্দ্ৰটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
ভোটদানৰ অধিকাৰ হেৰুৱাই ক্ষুদ্ধ হৈ পৰে বঞ্চিত ভোটাৰসকল৷ বঞ্চিত ভোটাৰে ভোট কেন্দ্ৰত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী৷ আনকি বঞ্চিত ভোটাৰসকলে কেন্দ্ৰটোত ভোটদান বন্ধ কৰাৰো দাবী জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|