• Home
  • »
  • News
  • »
  • assam
  • »
  • Surrender of Poachers: তামুলপুৰত ৪৭ চোৰাংচিকাৰীৰ আত্মসমৰ্পণ, জমা দিলে হেণ্ড গ্ৰেনেডসহ অস্ত্ৰ–শস্ত্ৰ

Surrender of Poachers: তামুলপুৰত ৪৭ চোৰাংচিকাৰীৰ আত্মসমৰ্পণ, জমা দিলে হেণ্ড গ্ৰেনেডসহ অস্ত্ৰ–শস্ত্ৰ

তামুলপুৰৰ ঘগ্ৰাচ'কত আয়োজিত এক অনুষ্ঠানত বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকে।

তামুলপুৰৰ ঘগ্ৰাচ'কত আয়োজিত এক অনুষ্ঠানত বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকে।

তামুলপুৰৰ ঘগ্ৰাচ'কত আয়োজিত এক অনুষ্ঠানত বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকে।

  • Share this:

ৰাইমনাৰ পিছত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৪৭গৰাকীকৈ চোৰাং চিকাৰীয়ে আজি তামুলপুৰত আনুষ্ঠানিকভাৱে প্ৰশাসনৰ ওচৰত আত্মসমৰ্পণ কৰে। তামুলপুৰৰ ঘগ্ৰাচ'কত আয়োজিত এক অনুষ্ঠানত বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সূত্ৰধৰকে ধৰি কেইবাজনো আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে চোৰাং চিকাৰীসকলে।


তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ভিন্ন প্ৰান্তৰ ৪৭গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে। আত্মসমৰ্পণৰ সময়ত চোৰাং চিকাৰীসকলে ১৪টা হস্তনিৰ্মিত বন্দুক, গ্ৰেনেড দুটা , গছ কটা মেচিন ১২টা , ১২টা হৰিণৰ শিং আদিকে ধৰি বিভিন্ন সঁজুলি জমা দিয়ে।


আত্মসমৰ্পণকাৰী আটাইকেইজন চোৰাং চিকাৰীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে । ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়– 'প্ৰকৃতি থাকিলেহে মানুহ থাকিব ৷ প্ৰকৃতিক আমি সুৰক্ষাৰ লগতে ৰক্ষণাবেক্ষণ দিব লাগিব ৷ প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ ৷ আপোনালোকে মূলসুঁতিলৈ ঘূৰি আহি প্ৰকৃতি সুৰক্ষাৰ কামত আত্মনিয়োগ কৰক ৷ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷'


উল্লেখ্য যে বিগত বহু বছৰ ধৰি এওঁলোকে ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলত  চোৰাংকৈ বন  ধ্ৱংসৰ লগতে হৰিণা আদি চিকাৰ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল। চৰকাৰৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই আজি সীমান্তৰ ভিন্ন প্ৰান্তৰ চোৰাং চিকাৰীসকলে আনুষ্ঠানিকভাৱে তামুলপুৰৰ মাজমজিয়াৰ লেহো বড়ো খেলপথাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ আহে ৷

Published by:Gautam Barman
First published: