বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / একেৰাহে ১২ ঘণ্টা সাঁতুৰি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টাত এগৰাকী ৪৬ ঊৰ্ধ্বৰ অসমীয়া মহিলা

একেৰাহে ১২ ঘণ্টা সাঁতুৰি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টাত এগৰাকী ৪৬ ঊৰ্ধ্বৰ অসমীয়া মহিলা

একেৰাহে ১২ ঘণ্টা সাঁতুৰি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টাত এগৰাকী ৪৬ ঊৰ্ধ্বৰ অসমীয়া মহিলা

ছুইমিং মাৰাথনত অংশ ল’ব অসমৰ কলিতাই।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য অসমৰ এগৰাকী মাতৃৰ। শীতকালত পুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ একেৰাহে ১২ ঘণ্টা সাঁতোৰাৰ লক্ষ্য দুটা সন্তানৰ মাতৃ তথা সৰুসজাইৰ সাঁতোৰ প্ৰশিক্ষক প্ৰতিমা দেৱী কলিতাৰ। ৪৬ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিমা দেৱী কলিতাই তাৰ বাবে সম্প্ৰতি চলাই আছে কঠোৰ অনুশীলন।

প্ৰতিমা দেৱী কলিতাই ১১ ডিচেম্বৰৰ পুৱাৰ পৰা গধূলিলৈ গুৱাহাটীৰ ড০ জাকিৰ হুছেইন একুৱেটিকছ ছুইমিং পুলত সাঁতোৰৰ মাৰাথনত অংশ ল’ব। ৰেজিলেন্স ই-স্পৰ্টছৰ সৌজন্যত সাঁতুৰিব প্ৰতিমা দেৱী কলিতাই (Trying to set a world record by swimming)।

বিজ্ঞাপন

৪৬ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলা প্ৰতিমা দেৱীয়ে ১১ ডিচেম্বৰত একেৰাহে ১২ ঘণ্টা সাঁতুৰিব। শীতকালত একেৰাহে ১২ ঘণ্টা সাঁতুৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰতিমা দেৱী কলিতাই চলাব প্ৰচেষ্টা। তাৰ বাবে তেওঁ প্ৰতিদিনে পুৱা-গধূলি চলাইছে অনুশীলন। প্ৰশিক্ষকগৰাকীয়ে NEWS18ক জনোৱা মতে, ৪৬ বছৰৰ ঊৰ্ধ্বৰ কোনো মহিলাই এইপৰ্যন্ত শীতকালত একেৰাহে ১২ ঘণ্টা সাঁতোৰা নাই।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন