ডিমা হাছাও জিলাৰ DNLA উগ্ৰপন্থী সংগঠনৰ সৈতে ৰাজ্য চৰকাৰৰ চলি আছে শান্তি আলোচনা।ডিমা হাছাও জিলাৰ দয়ংমুখত কিছুদিন পূৰ্বে কেইবাখনো ট্ৰাক জ্বলাই দিয়াৰ লগতে কেইবাজনো চালক–হেণ্ডিমেনক হত্যা কৰাৰ পিছত শান্তি আলোচনালৈ আহিছিল DNLA উগ্ৰপন্থী সংগঠন ।
শান্তি আলোচনাৰ প্ৰথম পৰ্যায়ত সংগঠনটোৰ তিনিগৰাকী নেতাই কিছুদিন পূৰ্বে বনাঞ্চলৰ পৰা ওলাই অহাত মন্ত্ৰী ৰণোজ পেগু আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই জনাইছিল আদৰণি। ইয়াৰ পিছত সংগঠনটোৰ সৈতে চলা আলোচনা মৰ্মে সংগঠনটোৰ ৪৬গৰাকী গেৰিলাই আজি ঘন অৰণ্য এৰি হাতত মাৰণাস্ত্ৰ লৈ অস্ত্ৰ সম্বৰণ কৰিবলৈ ওলাই আহে।
হাফলঙৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ নিলগৰ খ্ৰেপ্ৰে গাঁওত অৰণ্যৰ পৰা ওলাই অহা কেডাৰসকলক আদৰণি জনাবলৈ সেই স্থানত এক সভাও অনুষ্ঠিত কৰা হয়। চীফ কমাণ্ডাৰ নাইডিং ডিমাছাৰ নেতৃত্বত ওলাই অহা দলটোক ADGP হীৰেন নাথ, ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাকে আদি কৰি অন্যান্য প্ৰশাসনিক বিষয়াসকলে আদৰণি জনায়।
ইফালে DNLA কেডাৰসকল ম্যানমাৰত আছিল বুলি ব্যক্ত কৰাৰ লগতে সংগঠনটোত ৩০০তকৈ অধিক কেডাৰ আছে বুলিও প্ৰকাশ কৰিছে নাইডিং ডিমাছাই।বৰ্তমান বাকী কেডাৰসকল কাৰ্বি আংলং আৰু কাছাৰত থকা বুলিও প্ৰকাশ কৰি ডেজিগনেটত কেম্প হোৱাৰ পিছত সেইসকলো পৰ্যায়ক্ৰমে ওলাই আহিব বুলিও কৰিছে মন্তব্য।
আনহাতে হিড়িম্বাৰাজী ৰাজ্য দিবলৈ ভাৰত আৰু ৰাজ্য চৰকাৰক দাবী জনোৱাৰ লগতে যেতিয়ালৈকে এই ৰাজ্য নাপাব, তেতিয়ালৈকে আন্দোলন কৰি যাব বুলিও কৰিছে মন্তব্য।ইফালে সংগঠনটো শান্তি আলোচনাত অহাত পাহাৰীয়া জিলাখনত স্থায়ী শান্তি ঘূৰি আহিব বুলি মন্তব্য কৰিছে দেৱলাল গাৰ্লোছাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|