• Home
  • »
  • News
  • »
  • assam
  • »
  • মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈছে ৪১গৰাকী ছাত্ৰ-ছাত্ৰী, অৱস্থা গুৰুতৰ ৩ গৰাকীৰ

মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈছে ৪১গৰাকী ছাত্ৰ-ছাত্ৰী, অৱস্থা গুৰুতৰ ৩ গৰাকীৰ

ঘটনাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে ৰাইজে।

ঘটনাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে ৰাইজে।

ঘটনাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে ৰাইজে।

  • Share this:
বকোৰ পুঠিমাৰীত অঘটন। মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈছে ৪১গৰাকী ছাত্ৰ-ছাত্ৰী। পুঠিমাৰী শালমাৰা আঞ্চলিক অনুসূচিত মধ্য ইংৰাজী বিদ্যালয়ত এই ঘটনা সংঘটিত হয়। অসুস্থ ছাত্ৰ-ছাত্ৰীক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, কণী, দাইল আৰু ভাত খাই অসুস্থ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। গুৰুতৰভাৱে অসুস্থ তিনিগৰাকী ছাত্ৰী বৰ্ষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীলক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ঘটনাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে ৰাইজে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি