• Home
  • »
  • News
  • »
  • assam
  • »
  • Russia Ukraine Crisis : শুকুৰবাৰে অসমত উপস্থিত হ'ব ছুমিত আৱদ্ধ হৈ থকা ৪১জন অসমীয়া ছাত্ৰ-ছাত্ৰী

Russia Ukraine Crisis : শুকুৰবাৰে অসমত উপস্থিত হ'ব ছুমিত আৱদ্ধ হৈ থকা ৪১জন অসমীয়া ছাত্ৰ-ছাত্ৰী

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা অসমৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছিল ভাবুকি।

  • Share this:
শুকুৰবাৰে অসমত উপস্থিত হ'ব ছুমিত আৱদ্ধ হৈ থকা ৪১জন অসমীয়া ছাত্ৰ-ছাত্ৰী। আজি প'ল্ট'ভাৰ পৰা পোলেণ্ডলৈ ৰে’লযোগে ৰাওনা হৈছে ছাত্ৰ-ছাত্ৰীসকল। কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব অসমৰ ৪১জন ছাত্ৰ-ছাত্ৰী।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা অসমৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছিল ভাবুকি। বিগত দুদিন ধৰি চহৰখনত ৰাছিয়ান সেনাই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছিল। ৰাছিয়ান সেনাৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হোৱা চহৰখনত থকা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে বিগত দুদিন অনাহাৰে-অনিদ্ৰাই বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল।

বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অভিভাৱকসকলৰো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। অৱশ্যে সকলোকে নিৰাপদে উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে ভিডিঅ' বাৰ্তাযোগে ছাত্ৰ-ছাত্ৰী সকলক সাহস আৰু ধৈৰ্য্যৰে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিল।
Published by:Sanjay Kumar Das
First published: