মুখ্যপৃষ্ঠা »খবৰ »অসম »চৰকাৰৰ দ্বিতীয় বর্ষপূৰ্তিত ৪০ হাজাৰক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ, মুখ্যমন্ত্ৰীৰ ঘোষণা

চৰকাৰৰ দ্বিতীয় বর্ষপূৰ্তিত ৪০ হাজাৰক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ, মুখ্যমন্ত্ৰীৰ ঘোষণা

জথৰতা ভাঙিব লাগিব চৰকাৰী বিভাগসমূহৰ- মুখ্যমন্ত্ৰী

জথৰতা ভাঙিব লাগিব চৰকাৰী বিভাগসমূহৰ- মুখ্যমন্ত্ৰী

জথৰতা ভাঙিব লাগিব চৰকাৰী বিভাগসমূহৰ- মুখ্যমন্ত্ৰী

  • Share this:

১০ মে' মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি। এই দ্বিতীয় বৰ্ষপূৰ্তিতে চৰকাৰে নিযুক্তি দিব ৪০ হাজাৰ যুৱক-যুৱতীক। ইতিমধ্যে, ২০ হাজাৰ নিযুক্তিৰ বাবে কাম-কাজ চলি অব্যাহত ৰাখিছে চৰকাৰে। এই ৪০ হাজাৰ নিযুক্তিৰ জৰিয়তে চৰকাৰে কথা দিয়া অনুসৰি এক লাখ নিযুক্তি সম্পন্ন কৰিব বিচাৰিছে।


বুধবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰকাশ কৰে এই কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma)। নিযুক্তি পত্ৰ বিতৰণৰ সময়ত তেওঁ কয়- ''কাগজ কলৰ কৰ্মচাৰীৰ ১৩ গৰাকী বিষয়াক উদ্যোগ বিভাগত নিযুক্তি দিয়া হৈছে। বন বিভাগ, শিক্ষা বিভাগকে কৰি বিভিন্ন বিভাগৰ ২০ হাজাৰ নিযুক্তিৰ কাম চলি আছে,মে' মাহৰ ভিতৰত এক লাখ নিযুক্তিৰ সৰহভাগ নিযুক্তি হ'ব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাবে নিযুক্তি দিব পৰা নাছিলোঁ, কাইলৈৰ ভিতৰত সকলোকে যোগদান কৰাৰ বাবে আহ্বান জনাইছোঁ, ক'ত নিযুক্তি লাভ কৰিছে,সেয়া গৱেষণা কৰিব নালাগে, ২০০৬ৰ পিছত স্বাস্থ্য বা বিভিন্ন বিভাগত আমি যথেষ্ট আগবাঢ়ি আছোঁ। পশু বিভাগসমূহৰ জথৰতা ভাগিব লাগিব।''


পশু বিভাগটোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাই বুলি উল্লেখ কৰি কয় নতুন নিযুক্তি নোহোৱাৰ বাবে কাম ভালদৰে চলা নাছিল। মুখ্যমন্ত্ৰীয়ে ৬০০ পশু চিকিৎসক এতিয়াও বহি থকা বুলি প্ৰকাশ কৰি তেওঁলোকে যদি নিৰ্দিষ্ট চিকিৎসালয়ত কাম কৰিব বিচাৰে, নিযুক্তি দিব বুলি প্ৰকাশ কৰে।

শেহতীয়া বাতৰি