শীঘ্ৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব ৪০ হাজাৰ পদত। মঙলবাৰে এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। মঙলবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা অজন্তা নেওগে কয়, এতিয়ালৈ ৪১ হাজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে চৰকাৰে।
অহা ১০ৰ পৰা ২০ মে’ৰ ভিতৰত ৪০ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিধানসভাত অখিল গগৈয়ে কৰা এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে এই মন্তব্য কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 15, 2023, 18:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।