মুখ্যপৃষ্ঠা »খবৰ »অসম »ইউনিফৰ্মত "পতলি কমৰীয়া" গীতত ৰীল বনাই কৰিমগঞ্জত স্কুলৰ পৰা বহিষ্কৃত ৪ গৰাকী ছাত্ৰী

ইউনিফৰ্মত "পতলি কমৰীয়া" গীতত ৰীল বনাই কৰিমগঞ্জত স্কুলৰ পৰা বহিষ্কৃত ৪ গৰাকী ছাত্ৰী

কৰিমগঞ্জত পুনৰ এই গীতত নৃত্য প্ৰদৰ্শন কৰি ৰীল বনাই চাৰিগৰাকী ছাত্ৰী বহিষ্কাৰ হৈছে

কৰিমগঞ্জত পুনৰ এই গীতত নৃত্য প্ৰদৰ্শন কৰি ৰীল বনাই চাৰিগৰাকী ছাত্ৰী বহিষ্কাৰ হৈছে

  • Share this:
বিদ্যালয়, মহাবিদ্যলয়ত ইউনিফৰ্ম পৰিধান কৰি আজিকালি ৰীল বনোৱা ঘটনা প্ৰায়েই সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায়। স্কুল ড্ৰেছ পিন্ধি "পতলি কমৰীয়া" গীতৰ তালত ককাল ভাঙি ৰীল বনোৱা শিক্ষাৰ্থীৰ দৃশ্য বৰ্তমান ভাইৰেল হৈ আছে। কৰিমগঞ্জত পুনৰ এই গীতত নৃত্য প্ৰদৰ্শন কৰি ৰীল বনাই চাৰিগৰাকী ছাত্ৰী বহিষ্কাৰ হৈছে। এই ঘটনা কৰিমগঞ্জৰ লাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে।

উল্লেখযোগ্য যে, বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ চাৰিগৰাকী ছাত্ৰীয়ে স্কুল ইউনিফৰ্মত ৰীল বনাই বহিষ্কাৰ হ’বলগীয়া হৈছে। ইফালে আন এখন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে ‘পতলি কমৰীয়া’ গীতটিত বনোৱা আন এক ৰীল সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই দ্বিতীয়টো ৰীল কৰিমগঞ্জ জিলাৰে ভাংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ। অৱশ্যে সেই স্কুলৰ কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰিছে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে, প্ৰথমে কৰিমগঞ্জৰ জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আঠগৰাকী ছাত্ৰ–ছাত্ৰীয়ে ৰীল বনাই বিদ্যালয়ৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত জিলাত অব্যাহত আছে স্কুল ইউনিফৰ্মত ৰীল বনোৱা ট্ৰেণ্ড। এইবাৰ স্কুলৰ ভিতৰ নহয় স্কুলৰ গেটৰ বাহিৰত বনোৱা হয় এই ৰীল। এই ঘটনা সন্মুখত অহাৰ পিছত স্কুল কৰ্তৃপক্ষই প্ৰাথমিকভাবে স্কুলীয়া ছাত্ৰী চাৰিগৰাকীক সাময়িকভাৱে বহিষ্কাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া বাতৰি