মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দেৱাশিস হত্যাকাণ্ডৰ আৰু চাৰি অভিযুক্ত আৰক্ষীৰ জালত

দেৱাশিস হত্যাকাণ্ডৰ আৰু চাৰি অভিযুক্ত আৰক্ষীৰ জালত

News18 Assam | News18-Assam
Updated:June 4, 2020, 8:58 PM IST
দেৱাশিস হত্যাকাণ্ডৰ আৰু চাৰি অভিযুক্ত আৰক্ষীৰ জালত
এই পৰ্যন্ত ঘটনাৰ লগত জড়িত ১৫জনক মৰিয়নী আৰক্ষীয়ে আটক কৰিছে।

এই পৰ্যন্ত ঘটনাৰ লগত জড়িত ১৫জনক মৰিয়নী আৰক্ষীয়ে আটক কৰিছে।

  • Share this:
মৰিয়নীৰ গণপ্ৰহাৰৰ লগত জড়িত আৰু চাৰিজন অভিযুক্তক আজি আৰক্ষীয়ে আটক কৰে। ধৃত অভিযুক্তকেইজন ক্ৰমে ৰমেন চবৰ, মণিৰাম চবৰ, বলীন খাৰিয়া আৰু বিজিত নায়ক। গাভৰু চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনী আৰু আটছাই আৰক্ষীক গতাই দিয়ে ধৃত চাৰি অভিযুক্তক। এই পৰ্যন্ত ঘটনাৰ লগত জড়িত ১৫জনক মৰিয়নী আৰক্ষীয়ে আটক কৰিছে।

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ দিনা একাংশ লোকে দেৱাশিস গগৈ আৰু আদিত্য দাসৰ হাতৰ পৰা কাঢ়ি নিয়া ম'বাইল দুটা, পাৰ্ছ আৰু স্কুটী ছাবিটো এইপৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, দেৱাশিস হত্যাকাণ্ডৰ লগত গাভৰু চাহ বাগিচাৰ পৰিচালক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি চুতীয়া ছাত্ৰ সন্থাই মৰিয়নী থানাত এজাহাৰ প্ৰদান কৰিছিল যদিও আৰক্ষীয়ে বৰ্তমানলৈকে পৰিচালক দ্বয় জয়জিৎ সিং পাল আৰু বলবীৰ সিঙক আটক নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
First published: June 4, 2020, 8:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি