মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News: শ শ শ্ৰমিকক প্ৰৱঞ্চনা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ, শ্ৰমিকৰ প্ৰতিবাদত উত্তাল কাৰ্যালয়, মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী

Nagaon News: শ শ শ্ৰমিকক প্ৰৱঞ্চনা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ, শ্ৰমিকৰ প্ৰতিবাদত উত্তাল কাৰ্যালয়, মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী

প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱা শ শ শ্ৰমিকে আজি উত্তাল কৰিলে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ কাৰ্যালয়

প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱা শ শ শ্ৰমিকে আজি উত্তাল কৰিলে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ কাৰ্যালয়

বিগত এবছৰতকৈ অধিক কাল ছিমপ্লেক্সে পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকক প্ৰদান কৰা নাই প্ৰাপ্য মজুৰি। ছিমপ্লেক্সে আনকি চামগুৰিৰ বহু ক্ৰেছাৰকো প্ৰদান কৰা নাই শিলগুটি ক্ৰয় কৰাৰ ধন।

  • Share this:
বিগত প্ৰায় এবছৰে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱা শ শ শ্ৰমিকে আজি উত্তাল কৰিলে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্সৰ কাৰ্যালয়। নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াস্থিত ছিমপ্লেক্সৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱাই তিনিশতাধিক শ্ৰমিকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, বিগত এবছৰতকৈ অধিক কাল ছিমপ্লেক্সে পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকক প্ৰদান কৰা নাই প্ৰাপ্য মজুৰি। ছিমপ্লেক্সে আনকি চামগুৰিৰ বহু ক্ৰেছাৰকো প্ৰদান কৰা নাই শিলগুটি ক্ৰয় কৰাৰ ধন। ফলশ্ৰুতিত ক্ৰেছাৰৰ মালিকসকলেও শ্ৰমিকক প্ৰদান কৰিব পৰা নাই মজুৰি। সেয়েহে আজি চামগুৰিৰ পৰা ৰঙাগড়াৰ পথ নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়লৈ হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ তিনিশতাধিক শ্ৰমিকে প্ৰতিবাদী সমদল বাহিৰ কৰে। NHDCL মূৰ্দাবাদ, ছিমপ্লেক্স মূৰ্দাবাদ, আমাক প্ৰাপ্য মজুৰি আদায় দিয়ক শ্লোগানৰে পথ নিৰ্মাণত নিয়োজিত শ্ৰমিক আৰু ক্ৰেছাৰৰ শ্ৰমিকসকলে প্ৰতিবাদ স্যবস্ত কৰে।

প্ৰতিবাদী শ্ৰমিকসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক  এইক্ষেত্ৰত হস্তক্ষেপ কৰি তেঁওলোকৰ মজুৰি আদায় দিয়াৰো আহ্বান জনায়। ইয়াৰ পূৰ্বেও ছিমপ্লেক্সৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈছিল। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত মাটি পেলোৱা ঠিকাদাৰ, শিলগুটি বিক্ৰী কৰা ক্ৰেছাৰৰ লগতে শ্ৰমিকৰ মজুৰি আত্মসাৎ কৰা ছিমপ্লেক্সৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে অঞ্চলটোৰ দল-সংগঠনে।

শেহতীয়া বাতৰি