নুমলীগড়ৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণোৱালত ৩৭নং ৰাষ্ট্ৰীয় পথত আজি আবেলি এখন বালিভৰ্তি তীব্ৰ বেগী ডাম্পাৰ (dumper)ৰ খুন্দাত থিতাতে এগৰাকী মহিলা মৃত্যু হোৱাৰ লগতে আন পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হয়।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এ এছ ২১ জে ৫২৫৬ নম্বৰৰ এখন টিভি এছ মফেডত অহা ব্যৱসায়ীৰ পৰা সামগ্ৰী ক্ৰয় কৰি থকাৰ সময়তে কমাৰগাঁও দিশৰ পৰা অহা এ এছ ০৯ চি ৩৫৫১ এখন তীব্ৰ বেগী ডাম্পাৰে সামগ্ৰী বিক্ৰী কৰা লোকজনৰ লগতে আন তিনিগৰাকী লোকক মহটিয়াই কাষৰ খাৱৈত সোমাই পৰে।
এই দুৰ্ঘটনাত (Road Accident) ঘটনাস্থলীতে সোণোৱাল গাঁৱৰ মীনা শইকীয়া (৬৩) নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে দুৰ্ঘটনাটোত ব্যৱসায়ী নিকিবুল হুছেইন (৪৫), সোণোৱাল গাঁৱৰ সুনীল শইকীয়া (৪৫), বিনু শইকীয়া (২৫), ডাম্পাৰৰ চালক বিশ্বজিৎ দাস আৰু দুহিতা বাউলী গুৰুতৰভাৱে আহত হয়।
আহতসকলক আৰক্ষীৰ সহযোগত ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও সুনীল শইকীয়া আৰু বিনু শইকীয়াক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
তাৎপৰ্যপূৰ্ণ যে গোলাঘাট জিলাত বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বালি খনন বন্ধ আছে যদিও একাংশ ডাম্পাৰ চালক আৰু চোৰাং বালি সৰবৰাহকাৰীয়ে নুমলীগড় ( Numaligarh) বন সংমণ্ডল অধীনত কেইবাটাও স্থানত ধনশিৰি বালি চোৰাংকৈ খনন কৰি যোৰহাট, টিয়ক আদি অঞ্চলত বিক্ৰী কৰি আছে যদিও চকু মুদা কুলি ভাৱত আছে বন বিভাগ। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ধনশিৰিৰ বালি চোৰাংকৈ খনন কৰি আনি থকা অৱস্থাতে সংঘটিত হয় এই কৰুণ ঘটনা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|