মুখ্যপৃষ্ঠা »খবৰ »অসম »টেঙানিত নাহৰফুটুকীৰ আক্ৰমণত আহত ৪, বাঘ নিধন কৰি লৈ গ'ল শৰীৰৰ অংগ

টেঙানিত নাহৰফুটুকীৰ আক্ৰমণত আহত ৪, বাঘ নিধন কৰি লৈ গ'ল শৰীৰৰ অংগ

বাঘ নিধনক লৈ বন বিভাগৰ গোচৰ ৰুজু

বাঘ নিধনক লৈ বন বিভাগৰ গোচৰ ৰুজু

বাঘ নিধনক লৈ বন বিভাগৰ গোচৰ ৰুজু

  • Share this:
শুক্ৰবাৰে ধনশিৰি মহকুমাৰ টেঙানি দীঘলি মাজগাঁৱত এটা নাহৰফুটুকী বাঘে চাৰিজন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বাঘটোৰ আক্ৰমণত ভাইকণ শইকীয়া, পিংকী শইকীয়াকে ধৰি চাৰিজন লোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়। আঘাতপ্রাপ্ত লোককেইজনক গোলাঘাটৰ শ্ৱহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে আক্ৰমণৰ ঘটনাৰ পিছতেই নাহৰফুটুকী বাঘটোক একাংশ দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে ৷ উদ্ধাৰ কৰা বাঘটো পিছফালৰ অংশটো হত্যা কৰা দুৰ্বৃত্তৰ দলটোৱে লৈ যায় বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে। বাঘটোৰ চকু, নখ, দুখন ভৰি কাটি লৈ যায় দুৰ্বৃত্তই।

তদুপৰি বাঘটোৰ মগজুৰ ভিতৰৰ অংশ আৰু নাড়ী-ভুৰিপৰ্যন্ত লৈ যায় দুৰ্বৃত্তই। বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সত্‍কাৰৰ ব্যৱস্থা কৰিছে বন বিভাগে। ইতিমধ্যে বৰপথাৰৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধান অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি