মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পূজাত নিজৰ সন্তান আৰু পৰিয়ালক নতুন কাপোৰ দিব নোৱাৰি উচুপি উঠিল মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰী

পূজাত নিজৰ সন্তান আৰু পৰিয়ালক নতুন কাপোৰ দিব নোৱাৰি উচুপি উঠিল মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰী

News18 Assam | News18-Assam
Updated:October 11, 2021, 9:44 AM IST
পূজাত নিজৰ সন্তান আৰু পৰিয়ালক নতুন কাপোৰ দিব নোৱাৰি উচুপি উঠিল মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰী
“আমি বহুত দুখত আছো৷ আমাক চৰকাৰে চকু মেলি চাওক৷” – এইদৰে দুখ প্ৰকাশ কৰা এইসকল হৈছে মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷

“আমি বহুত দুখত আছো৷ আমাক চৰকাৰে চকু মেলি চাওক৷” – এইদৰে দুখ প্ৰকাশ কৰা এইসকল হৈছে মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷

  • Share this:
ৰাজ্যত এতিয়া পূজাৰ বতৰ৷ নিজৰ সন্তান বা আত্মীয়ক পূজা উপলক্ষে এযোৰ নতুন কাপোৰ দিয়াটো প্ৰায় পৰম্পৰাত পৰিণত হৈছে৷ কিন্তু নিজৰ পৰিয়াল তথা সন্তানক পূজাৰ কাপোৰ দিব নোৱাৰি কেমেৰাৰ সন্মুখতে উচুপি উঠিল একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷ মহাবিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াইও তামোল-পাণ, চাহ, চানাৰ দোকান দি পৰিয়াল চলাইছে এওঁলোকে৷ কোভিডসৃষ্ট পৰিৱেশেও জীৱন দুৰ্বিসহ কৰি তুলিছে এইসকল কৰ্মচাৰীৰ৷

“আমি বহুত দুখত আছো৷ আমাক চৰকাৰে চকু মেলি চাওক৷” – এইদৰে দুখ প্ৰকাশ কৰা এইসকল হৈছে মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷ বিভিন্ন মহাবিদ্যালয়ত অমঞ্জুৰীকৃতভাৱে কম মজুৰিত সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলে চৰকাৰৰ ওচৰত চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে যদিও বৰ্তমানলৈও নিয়মীয়াকৰণ কৰা নাই চাকৰি৷

চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে একাংশই তামোল-পাণ, চানাৰ দোকান দি পোহপাল দিবলগীয়া হৈছে পৰিয়াল৷ যি সময়ত শাৰদীয় দুৰ্গা পূজাক লৈ উখল–মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য, তেনে সময়তে এই সকল কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখতে আবেগিক হৈ পৰিছে৷ পূজাৰ বতৰত সন্তানক এযোৰ কাপোৰ দিব নোৱাৰি উচুপি উঠিছে এই সকল লোক৷

দুধনৈ পৰিদৰ্শন বঙলাত সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সংবাদমেলৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণৰ দাবী সংগঠনটোৰ ৷ উল্লেখ্য যে, দুই-তিনি হাজাৰ টকা পাৰিশ্ৰমিকত বিভিন্ন মহাবিদ্যালয়ত নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাপন কৰি আহিছে এইসকল কৰ্মচাৰীয়ে৷ সমগ্ৰ অসমৰ মহাবিদ্যালয়ৰ তিনিশ’ৰ পৰা চাৰিশ কৰ্মচাৰীয়ে অমঞ্জুৰীকৃতভাৱে কাম কৰি আহিছে৷ বহু বছৰ ধৰি অমঞ্জুৰীকৃতভাৱে কাম কৰি অহা কৰ্মচাৰী সকলৰ বহুতৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বয়স উকলি গৈছে৷ সেয়ে বিনাচৰ্তে চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত চাকৰি নিয়মীয়াকৰণৰ দাবী তুলিছে সংগঠনটোৱে৷
Published by: Sanjay Kumar Das
First published: October 11, 2021, 9:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি