• Home
  • »
  • News
  • »
  • assam
  • »
  • গহপুৰত আঢ়ৈ কেজি ওজনৰ নকল সোণসহ জালত চাৰি প্ৰৱঞ্চক, গ্ৰেপ্তাৰ হ’ল বিজেপিৰ বুথ কমিটীৰ সম্পাদকো

গহপুৰত আঢ়ৈ কেজি ওজনৰ নকল সোণসহ জালত চাৰি প্ৰৱঞ্চক, গ্ৰেপ্তাৰ হ’ল বিজেপিৰ বুথ কমিটীৰ সম্পাদকো

গোপন সূত্ৰৰ পম খেদি গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে সোণৰ নকল নাওসহ উক্ত চাৰি প্ৰৱঞ্চকক হাতে–লোটে গ্ৰেপ্তাৰ কৰে।

গোপন সূত্ৰৰ পম খেদি গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে সোণৰ নকল নাওসহ উক্ত চাৰি প্ৰৱঞ্চকক হাতে–লোটে গ্ৰেপ্তাৰ কৰে।

গোপন সূত্ৰৰ পম খেদি গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে সোণৰ নকল নাওসহ উক্ত চাৰি প্ৰৱঞ্চকক হাতে–লোটে গ্ৰেপ্তাৰ কৰে।

  • Share this:
গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে প্ৰায় আঢ়ৈ কেজি ওজনৰ নকল সোণসহ গ্ৰেপ্তাৰ কৰিছে চাৰিজন প্ৰৱঞ্চকক। ধৃত প্ৰৱঞ্চক চাৰিজন হৈছে বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাবাৰী নিবাসী জয়ন্ত ওজা (৪৪) ওৰফে মিণ্টু ওজা, বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ফাটেহপুৰ আতাউৰ ৰহমান(৪২), চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত পলসনীৰ ছামেদ আলী(৪৪) আৰু ইদ্ৰিছ আলী(৩৮)।

জানিব পৰা মতে, উক্ত চাৰি প্ৰৱঞ্চকে এল্ট' গাড়ী এখনেৰে প্ৰথমে লখিমপুৰৰ পৰা উক্ত নকল সোণৰ নাওখন বিক্ৰী কৰিবলৈ কালি পুৱা বিশ্বনাথ চাৰিআলিলৈ যায়। কিন্তু বিশ্বনাথ চাৰিআলিত গ্ৰাহকৰ লগত কথাৰ খেলিমেলি লগাত তেওঁলোক পুনৰ লখিমপুৰলৈ বুলি উভতি আহে। সেই অনুসৰি তেওঁলোক আহি কালি দিনৰ প্ৰায় ১১ বজাত গহপুৰ নগৰৰ মাজমজিয়াৰ এখন হোটেলৰ সন্মুখত ৰয়হি। তেনেতে এক গোপন সূত্ৰৰ পম খেদি গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে সোণৰ নকল নাওসহ উক্ত চাৰি প্ৰৱঞ্চকক হাতে–লোটে গ্ৰেপ্তাৰ কৰে। গহপুৰ আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা এল্ট' গাড়ীখনো জব্দ কৰিছে।

জানিব পৰা মতে, আৰক্ষীৰ জালত পৰা ধৃত প্ৰৱঞ্চক চাৰিজনৰ ভিতৰৰ জয়ন্ত ওজা ওৰফে মিণ্টু ওজা বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত লেহুগাঁও গাঁও পঞ্চায়তৰ ১৯৩নং বুথৰ বুথ কমিটীৰ সম্পাদক। পুৰ্বতেও এনে ধৰণৰ অপকৰ্ম কৰি ৰঙাঘৰৰ ভাত খোৱাৰ উদাহৰণ আছে এইগৰাকী বিজেপিৰ বুথ সম্পাদকৰ বিৰুদ্ধে। কেইবছৰমান পূৰ্বে ৰে’ল বিভাগৰ লোৰ সামগ্ৰী চোৰাংকৈ বিক্ৰী কৰি নগাঁৱত গ্ৰেপ্তাৰ হৈ তিনিমাহ জে’লৰ ভাত খাইছিল এইজন ঠগ-প্ৰবঞ্চক জয়ন্ত ওৰফে মিণ্টু ওজাই। একমাত্ৰ ঠগ-প্ৰৱঞ্চনাকেই জীৱিকাৰ উত্তম পন্থা হিচাপে ভৱা এইজন অপৰাধীক কি যোগ্যতাৰ ভিত্তিত স্বচ্ছতাৰ কথা কোৱা বিজেপি দলে বুথৰ সম্পাদক পাতিলে তাকে লৈ সন্দিহান হৈ পৰিছে সচেতন ৰাইজ।

ধৃত চাৰি প্ৰবঞ্চকক আজি বিশ্বনাথ জেল-হাজোতলৈ প্ৰেৰণ কৰা হয়। এনেদৰেই এচাম দুষ্ট চক্ৰই বিভিন্ন সময়ত দুই নম্বৰী ব্যৱসায়ৰ দ্বাৰা অগাধ ধন সম্পত্তিৰ সাম্ৰাজ্য গঢ়ি সমাজখনক বদনাম কৰি আহিছে। গতিকে আইনে এনে ধুৰন্ধৰ সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছে ৰাইজে।
Published by:Sanjay Kumar Das
First published: