শিৱসাগৰৰ সোণতলীছিগাত ভয়ংকৰ দুৰ্ঘটনা, বন বিভাগৰ চাৰিজন লোক নিহত

আন দুজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত।

News18-Assam
Updated:August 30, 2019, 8:21 AM IST
শিৱসাগৰৰ সোণতলীছিগাত ভয়ংকৰ দুৰ্ঘটনা, বন বিভাগৰ চাৰিজন লোক নিহত
আন দুজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত।
News18-Assam
Updated: August 30, 2019, 8:21 AM IST
শিৱসাগৰৰ সোণতলীছিগাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শিৱসাগৰ বন সংমণ্ডলৰ এখন জিপছী বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত থিতাতে নিহত হয় বন বিভাগৰ চাৰিজন লোক।

আন দুজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। জিপছীখনত আছিল মুঠ ৬জন বনকৰ্মী। নিহত ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত, বিপুল হাজৰিকা, প্ৰিয়ম মেছ আৰু চালক নিজাম আহমেদ। আহত দুজন হ’ল ৰেঞ্জাৰ বুবুল বৰুৱা আৰু ফৰেষ্ট গাৰ্ড নিজামুদ্দিন। আহত দুজনক শিৱসাগৰ অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। পুৱতিনিশা সংঘটিত হয় এই দুৰ্ঘটনাটো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি