• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজনসহ মুঠ চাৰিজনৰ মৃত্যু

হাইলাকান্দিত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজনসহ মুঠ চাৰিজনৰ মৃত্যু

শক্তি বিভাগৰ গাফিলতিৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

শক্তি বিভাগৰ গাফিলতিৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

শক্তি বিভাগৰ গাফিলতিৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

  • Share this:
এটা শোকাৱহ ঘটনাই জোকাৰি গৈছে হাইলাকান্দি জিলাক। বিদ্যুৎ পৰিবাহী তাৰ ছিগি মৃত্যু চাৰিজনকৈ লোকৰ। হাইলাকান্দি জিলাৰ বিলাইপুৰ গাঁৱত সংগঠিত হৈছে এই ঘটনা।

পুৱা ছিগি থকা এডাল বিদ্যুত পৰিবাহী তাঁৰ স্পৰ্শ কৰি মৃত্যু হয় ৰাজিবুল হুছেইন শেখ নামৰ চাৰি বছৰীয়া এটা কণমানি শিশুৰ। আৰু এই বিদ্যুৎস্পৃষ্ট শিশুটিক বচাবলৈ আহি মৃত্যু হয় শিশুটিৰ পিতৃ ছুফিয়ান আহমদ শ্বেখ আৰু মাতৃ হুছনাৰা বেগম শ্বেখসহ প্ৰতিবেশী যুৱক জাহিদ হুছেইন শ্বেখৰ।

ঘটনাৰ পিছত গোটেই এলেকাত সৃষ্টি হয় চাঞ্চল্যকৰ পৰিস্থিতি। শক্তি বিভাগৰ গাফিলতিৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি