দক্ষিণ কামৰূপত ভয়ংকৰ দুৰ্ঘটনা, টাটা এচি–ডাম্পাৰৰ সংঘৰ্ষত তিনি মহিলাসহ নিহত চাৰিজন

দুৰ্ঘটনাত তিনিজন থিতাতে নিহত হোৱাৰ লগতে এগৰাকীৰ মৃত্যু হয় হাস্পতালত। আন ৪জন যাত্ৰী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।

News18-Assam
Updated:October 21, 2019, 8:10 AM IST
দক্ষিণ কামৰূপত ভয়ংকৰ দুৰ্ঘটনা, টাটা এচি–ডাম্পাৰৰ সংঘৰ্ষত তিনি মহিলাসহ নিহত চাৰিজন
দুৰ্ঘটনাত তিনিজন থিতাতে নিহত হোৱাৰ লগতে এগৰাকীৰ মৃত্যু হয় হাস্পতালত। আন ৪জন যাত্ৰী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।
News18-Assam
Updated: October 21, 2019, 8:10 AM IST
দক্ষিণ কামৰূপৰ বামুণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা। টাটা এচি আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত হয় তিনিগৰাকী মহিলা আৰু এজন পুৰুষ। দুৰ্ঘটনাত তিনিজন থিতাতে নিহত হোৱাৰ লগতে এগৰাকীৰ মৃত্যু হয় হাস্পতালত। আন ৪জন যাত্ৰী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। নিহতসকল ক্ৰমে খাটি ৰাভা, পুতলী ৰাভা, মিনতি ৰাভা আৰু ৰীণা ৰাভা।

আহতসকলক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। দেওবাৰে নিশা গুৱাহাটীত শাক-পাচলি বিক্ৰী কৰি ঘৰলৈ উভতিছিল আটাইকেইজন। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালক-হেণ্ডিমেনে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি