তেজপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰি যুৱকৰ, ফুটবল খেল চাই ঘৰলৈ যোৱাৰ পথত দুৰ্ঘটনা

News18 Assam | News18-Assam
Updated:December 3, 2019, 10:44 AM IST
তেজপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰি যুৱকৰ, ফুটবল খেল চাই ঘৰলৈ যোৱাৰ পথত দুৰ্ঘটনা
তেলেৰীয়াৰ পৰা ফুটবল খেল চাই ঘৰলৈ উভতিছিল যুৱককেইজন।

তেলেৰীয়াৰ পৰা ফুটবল খেল চাই ঘৰলৈ উভতিছিল যুৱককেইজন।

  • Share this:
তেজপুৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা মাঞ্জা বাহনে। দুৰ্ঘটনাত বাহনখনত থকা চাৰি যুৱকৰ থিতাতে মৃত্যু হয়। নিহত মৃদুল শইকীয়া, গৌতম দাস, উজ্জ্বল কুৰ্মী আৰু সোমেশ্বৰ নাথ। বিহগুৰি দৈনিক বজাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।

তেলেৰীয়াৰ পৰা ফুটবল খেল চাই ঘৰলৈ উভতিছিল যুৱককেইজন। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত নিশাই স্থানীয় ৰাইজে অৱৰোধ কৰে পথ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য
আৰু চাওক পৰৱৰ্তী বাতৰি