আকৌ বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত, ডিগবৈত ট্ৰাক আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত নিহত ৪জন

News18-Assam
Updated:November 25, 2019, 7:56 AM IST
আকৌ বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত, ডিগবৈত ট্ৰাক আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত নিহত ৪জন
মেজিকখনত আছিল ১২জন লোক। বাকী আহত লোকসকলক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

মেজিকখনত আছিল ১২জন লোক। বাকী আহত লোকসকলক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

  • Share this:
ডিগবৈৰ পাৱৈত নিশা কয়লাভৰ্তি ট্ৰাক আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় চাৰিজন লোক। মাৰ্ঘেৰিটাৰ দিশৰ পৰা অহা এখন কয়লাভৰ্তি ট্ৰাক আৰু তিনিচুকীয়া দিশৰ পৰা অহা এখন যাত্ৰীবাহী মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷ এই দুৰ্ঘটনাত চালকসহ মেজিকখনত থকা চাৰিজন লোকৰ থিতাতে মৃত্যু হয়৷

মেজিকখনত আছিল ১২জন লোক। বাকী আহত লোকসকলক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। মেজিকখনৰ যাত্ৰীসকল জাগুনঘাটত বিয়া খাই ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত শ শ কয়লাভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰে ৰাজপথত। দুৰ্ঘটনা সংঘঠিত কৰিয়েই কয়লাভৰ্তি ট্ৰাকখনৰ চালকে পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মেজিকখনৰ সন্মুখভাগ চূৰ্ণ–বিচূৰ্ণ হৈ পৰে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি