ঢেকিয়াজুলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪জন

News18 Assam | News18-Assam
Updated:October 15, 2020, 3:50 PM IST
ঢেকিয়াজুলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪জন
আহত ৮জন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷

আহত ৮জন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷

  • Share this:
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিজন লোক নিহত হয়৷ ধুবুৰীৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন AS 17D 7583 নম্বৰৰ যাত্ৰীবাহী টাটা ছুম’ বাহনে ১৫নং ঘাইপথত ঢেকিয়াজুলিৰ ৰবৰতলাত ৰৈ থকা NL 01K 1823 নম্বৰৰ ট্ৰাকৰ পিছফালে খুণ্ডা মৰাত টাটা ছুম’খনৰ চাৰি জন যাত্ৰী থিতাতে নিহত হয়৷

নিহতকেইজন ক্ৰমে আব্দুল আজিজ খান (৫৩) ,আব্দুল আলী(৫৬), খুদেজা বিবি (৫০) আৰু আৰিফুল হক (দুবছৰ চাৰিমাহ)৷ ইপিনে, আহত ৮জন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷ দুৰ্ঘটনাত নিহত হোৱাসকলৰ ঘৰ ধুবুৰী জিলাৰ আগমনিত বুলি জনা গৈছে৷ বুধবাৰে নিশা দুই মান বজাত সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনা৷
Published by: Sanjay Kumar Das
First published: October 15, 2020, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading