মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা দৰং জিলাৰ উপায়ুক্ত দিলীপ বৰা, বিধায়ক গুৰুজ্যোতি দাস, আৰক্ষী অধীক্ষক অমৃত ভূঞা, স্বাস্থ্য বিভাগৰ লোক, চিকিৎসক–নাৰ্ছৰ উপস্থিতিত ১০ জুনৰ সন্ধিয়া ১৪ গৰাকী কোৰোণা পজিটিভ লোক সুস্থ হৈ উঠাত নিশাই ১০৮ এম্বুলেঞ্চৰ জৰিয়তে প্ৰেৰণ কৰিছিল নিজ ঘৰলৈ। চিকিৎসালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে দলগাঁৱৰ কোৰোণাৰ পৰা সুস্থ হৈ উঠা হামিদ আলীৰ ঠাইত কোৰোণা আক্ৰান্ত হানিফ অলীক ঘৰলৈ প্ৰেৰণ কৰিছিল। এনিশা থকাৰ পিছত পুনৰ ওভতাই অনা হৈছিল পজিটিভ লোকজনক।
প্ৰত্যেককে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে। আৰু ইয়াৰ এদিন পিছতেই আহিল উদ্বেগজনক আৰু এটা খবৰ। সুস্থ বুলি ঘোষণা কৰি ঘৰলৈ প্ৰেৰণ কৰা ১৪ জনৰ ভিতৰত পুনৰ ৪ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। আৰোগ্য লাভ কৰা বুলি ঘৰত যাবলৈ দিয়া ৪জন ৰোগীৰ শৰীৰত পুনৰ কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৪৮ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ চিকিৎসাধীন কৰা হ’ল। চাৰিওজনৰে পৰিয়ালৰ নমুনা সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইন পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
ইপিনে ঘৰলৈ যাব দিয়াৰ সময়ত ১০ জুনত মঙলদৈ অসামৰিক চিকিৎসালয়ত আটাইৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰোৱা হৈছিল। স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে, পূৰ্বে কৰা দুবাৰ পৰীক্ষাত নিগেটিভ ফলাফল অহাত তেওঁলোকক ঘৰলৈ যাব দিয়া হৈছিল যদিও ১০ জুনত সংগ্ৰহ কৰা নমুনাৰ ফলাফল দেখি স্বাস্থ্য বিভাগৰ বিষয়াৰ চকু কপালত উঠে।
দুনিশা হোম কোৱাৰেণ্টাইনত থকাৰ পিছত দৰং জিলাৰ লালপুলৰ চিকন্দৰ আলী (২১), ধূলা গৰাপৰিৰ লোকমান হাকিম (২০), ছিপাঝাৰ শান্তিপুখুৰীৰ হিমাংশু শৰ্মা (২৯) আৰু দলগাঁৱৰ ছহিদুল হক (১৯)ৰ ফলাফল পুনৰ পজিটিভ হয়। এই ফলাফল লাভ কৰি থৰকাছুটি হেৰুওৱা স্বাস্থ্য বিভাগে চাৰিও জনক আকৌ ঘৰৰ পৰা আনি মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।
কোৰোণা ৰোগীৰ ক্ষেত্ৰত মঙলদৈ অসামৰিক চিকিৎসালয়ক অধিক সচেতনতাৰে কাম কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে। কিয়নো এই ৰোগৰ গণ সংক্ৰমণ হ’লে স্বাস্থ্য বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|