• Home
  • »
  • News
  • »
  • assam
  • »
  • ATMত সোমাওতে সাৱধান! সহায় কৰাৰ চলেৰে সৰ্বস্বান্ত কৰিব পাৰে আপোনাক, হাইলাকান্দিত জালত চাৰি প্ৰৱঞ্চক

ATMত সোমাওতে সাৱধান! সহায় কৰাৰ চলেৰে সৰ্বস্বান্ত কৰিব পাৰে আপোনাক, হাইলাকান্দিত জালত চাৰি প্ৰৱঞ্চক

বৃহস্পতিবাৰে হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাৰ ভিতৰৰ এটিএম বুথত টকা উলিয়াবলৈ গৈছিল আমিৰ হুছেইন মজুমদাৰ নামৰ এগৰাকী বৃদ্ধ।

বৃহস্পতিবাৰে হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাৰ ভিতৰৰ এটিএম বুথত টকা উলিয়াবলৈ গৈছিল আমিৰ হুছেইন মজুমদাৰ নামৰ এগৰাকী বৃদ্ধ।

বৃহস্পতিবাৰে হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাৰ ভিতৰৰ এটিএম বুথত টকা উলিয়াবলৈ গৈছিল আমিৰ হুছেইন মজুমদাৰ নামৰ এগৰাকী বৃদ্ধ।

  • Share this:
হাইলাকান্দিত আৰক্ষী জালত এটিএম জালিয়াতি চক্ৰ। ৰাইজৰ সহায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটিএম চোৰ চক্ৰৰ চাৰি সদস্যক। যোৱানিশা কাছাৰ জিলাৰ ধলাই থানা এলেকাৰ ভাগা বজাৰত অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চক্ৰটোৰ তিনি সদস্যক। ইয়াৰ আগতে বৃহস্পতিবাৰে দিনৰ ভাগত হাইলাকান্দিৰ ষ্টেট বেংকৰ এটিএমৰ পৰা ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিলে আন এটা প্ৰতাৰকক।

বৃহস্পতিবাৰে হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাৰ ভিতৰৰ এটিএম বুথত টকা উলিয়াবলৈ গৈছিল আমিৰ হুছেইন মজুমদাৰ নামৰ এগৰাকী বৃদ্ধ। কিন্তু তেতিয়া এটিএমৰ লাইনত থকা আখতাৰ হুছেইন লস্কৰ নামৰ প্ৰতাৰকজনে তেওঁক সহায় কৰাৰ চলেৰে এটিএম কাৰ্ডখন সলনি কৰি লয়। কাৰ্ড সলনি কৰাৰ পিছতে লাহে লাহে তাৰ পৰা পলায়নৰ চেষ্টা চলায় আখতাৰ হুছেইনে। কিন্তু তেতিয়া বৃদ্ধজনে নিজৰ কাৰ্ড সলনি হোৱা দেখি হুলুস্থুল আৰম্ভ কৰে। লগে লগে ওচৰে পাজৰে থকা সচেতন লোকসকলে পলায়ন কৰি থকা অৱস্থাত আখতাৰ হুছেইন নামৰ প্ৰতাৰকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পিছত তাক আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে।

হাইলাকান্দি আৰক্ষীয়ে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ ধৃত আখতাৰ হুছেইনক সোধা-পোছা আৰম্ভ কৰে। আৰক্ষীৰ সোধা-পোছাত প্ৰৱঞ্চক চক্ৰৰ সদস্য বুলি স্পষ্ট হয়। পিছত ধৃত আখতাৰ হুছেইনৰ দিয়া তথ্য অনুসৰি হাইলাকান্দি আৰক্ষীয়ে যোৱা নিশা কাছাৰ জিলাৰ ধলাই থানাৰ ভাগা বজাৰ এলেকাত চলাই এক অভিযান। আৰু এই অভিযানত গ্ৰেপ্তাৰ হয় এই এটিএম প্ৰতাৰণা চক্ৰৰ আন তিনি সদস্য।

হাইলাকান্দি আৰক্ষীৰ সীমান্ত শাখাৰ উপ–আৰক্ষী অধীক্ষক নিৰ্মল বিশ্বাসে হাইলাকান্দিত এক সংবাদ মেলত এই সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, হাইলাকান্দি সদৰ থানাৰ টাউন উপ-পৰিদৰ্শক নবজ্যোতি লাহন আৰু বিশেষ অনুসন্ধান শাখাৰ কনিষ্টবল অমিত কুমাৰৰ নেতৃত্বত কাছাৰ জিলাৰ ধলাই থানা এলেকাত আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত গ্ৰেপ্তাৰ হয় এই এটিএম প্ৰৱঞ্চক চক্ৰৰ আন তিনি সদস্য। তেওঁলোক হ’ল আব্দুল হক মজুমদাৰ, পিয়াৰ হুছেইন লস্কৰ আৰু আজমল হুছেইন লস্কৰ। গোটেই কেইজন ধলাই থানাৰ ভাগা বজাৰৰ বাসিন্দা। তেওঁলোকৰ পৰা আৰক্ষীয়ে ইতিমধ্যে ভিভিন্ন ব্যক্তিৰ ৮খন সক্ৰিয় এটিএম কাৰ্ড উদ্ধাৰ কৰিছে। লগতে এই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে বুলিও জনায় আৰক্ষী বিষয়াজনে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি