অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৫ খন ৰাজ্যৰ ১১৬ সমষ্টিত ভোটগ্ৰহণ

news18assam
Updated:April 24, 2019, 9:26 AM IST
অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৫ খন ৰাজ্যৰ ১১৬ সমষ্টিত ভোটগ্ৰহণ
news18assam
Updated: April 24, 2019, 9:26 AM IST
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । অসমৰ লগতে ১৫ খন ৰাজ্যৰ ১১৬ টা সমষ্টিত ভোটগ্ৰহণ। অন্তিম পৰ্যায়ত অসমৰ ৪ টা সমষ্টিত ভোটগ্ৰহণ। ধুবুৰী, কোকৰাঝাৰ, বৰপেটাৰ লগতে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণ। অসমৰ ৪ সমষ্টিত ১৫ লাখ ৫২ হাজাৰ ৫৫৪ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য।

গুৱাহাটী সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ১৭গৰাকী প্ৰাৰ্থীয়ে। ধুবুৰীত নিৰ্বাচনী যুঁজত নামিছে ১৫ জন প্ৰাৰ্থী। বৰপেটা সমষ্টিত ১৩ জন আৰু কোকৰাঝাৰ সমষ্টিত ৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচনত।

অসমৰ উপৰি ত্ৰিপুৰাত এখন, বিহাৰত ৫, ছত্তীশগড়ত ৭, দাদৰা আৰু নগৰভেলীত এটা, দমন আৰু দিউত এটা সমষ্টিত হ'ব ভোটগ্ৰহণ। ইয়াৰোপৰি গোৱাত ২, গুজৰাট ২৬, জম্মু কাশ্মীৰ এটা, কৰ্ণাটকত ১৪, কেৰালাত ২০, মহাৰাষ্ট্ৰত ১৪, ওড়িশাত ৬, উত্তৰ প্ৰদেশত ১০ আৰু পশ্চিম বংগত ৫টা সমষ্টিত হ'ব ভোটগ্ৰহণ।
আৰু চাওক পৰৱৰ্তী বাতৰি