CAB বিৰোধী আন্দোলনকাৰী লৈ পৰেশ বৰুৱাৰ গুৰুত্বপূৰ্ণ আহ্বান ৷ NEWS18লৈ টেলিফোন পৰেশ বৰুৱাৰ ৷ 'আন্দোলনৰ নামত হিংসাৰ আশ্ৰয় নল'ব ৷ শৃংখলাবদ্ধ ভাৱে আন্দোলন কৰক ৷ হিংসাৰ আশ্ৰয় লৈ আন্দোলনক কলংকিত নকৰিব ৷ হিংসাৰ আশ্ৰয় লোৱা নাই ছাত্ৰ সমাজে ৷ হিংসাত্মক কাম কৰিছে দুস্কৃতিকাৰীয়ে ৷ ধুৰন্ধৰ এচামে আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছে ৷ এই ধুৰন্ধৰ চামক ৰাইজেই চিনাক্ত কৰিব লাগিব ৷
পৰেশ বৰুৱাই লগতে কয় যে, ‘এয়া ৰাষ্ট্ৰপক্ষৰ কাম নে দ্বিতীয় পক্ষ নে তৃতীয় পক্ষৰ কাম? ৰাষ্ট্ৰপক্ষই চিনাক্ত কৰক ৷ গাড়ী-মটৰ, আন্দোলনকাৰী, সাংবাদিকক আক্ৰমণ কৰি কি কৰিব বিচাৰিছে? BJP চৰকাৰৰ লৈ আহ্বান ৷ গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰিব চেষ্টা নকৰিব ৷ ৰাজপথৰ পৰা সেনা বাহিনী আঁতৰাই নিয়ক ৷ গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা ছাত্ৰ সমাজ আৰু অন্যান্য সামাজিক সংগঠনৰ ওপৰত লাঠিছালনা বন্ধ কৰক ৷ গণতান্ত্ৰিক আন্দোলন CABৰ বিৰুদ্ধে আমি বিচাৰিছো ৷ ৰাইজ শৃংখলাবদ্ধ হওক ৷ নহ'লে ব্যৰ্থ হ'ব আন্দোলন ৷”
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 13, 2019, 10:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।