সোমবাৰে স্বাক্ষৰ হ’ব তৃতীয়খন বড়ো চুক্তি, কি থাকিব এই চুক্তিত?

News18 Assam | News18-Assam
Updated:January 27, 2020, 7:21 AM IST
সোমবাৰে স্বাক্ষৰ হ’ব তৃতীয়খন বড়ো চুক্তি, কি থাকিব এই চুক্তিত?
২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দোষী ৰঞ্জন দৈমাৰীক মুক্তি দিয়া হ’ব নেকি এই চুক্তিৰে?

২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দোষী ৰঞ্জন দৈমাৰীক মুক্তি দিয়া হ’ব নেকি এই চুক্তিৰে?

  • Share this:
আজি স্বাক্ষৰিত হ’ব তৃতীয়খন বড়ো চুক্তি। এই কি কি চুক্তিত বিষয়বস্তু অন্তৰ্ভুক্ত হৈ আছে সেয়া তলত উল্লেখ কৰা হৈছে।

• বড়োলেণ্ডত স্থায়ীভাৱে বসবাস কৰি থকা সকলৰ কাৰণে থাকিব বিশেষ অধিকাৰ

• বড়োলেণ্ডৰ বাহিৰৰ সকলে BTAD ত কাম কৰিবলৈ লাগিব বিশেষ অনুমতিপত্ৰ।

• বড়োলেণ্ডৰ বাহিৰৰ লোক সকলক কাম কৰিবলৈ এক নির্দিষ্ট সময়ৰ কাৰণেহে দিয়া হ’ব অনুমতি পত্ৰ।

• বহিৰাগতসকলৰ নাথাকিব কোনো ভোট দিয়াৰ অধিকাৰ।

• NDFB নেতা–কৰ্মীৰ বিৰুদ্ধে NIA, CBI আৰু আৰক্ষীয়ে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব।

• ২০০৮ চনৰ হত্যা যজ্ঞৰ ইতিমধ্যে দোষী সাব্যস্ত হোৱা ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত কি হ’ব সেয়া স্পষ্ট নহয়।

• NDFB নেতা কৰ্মীক জে’লৰ পৰা মুক্তি।

• BTAD ৰ ভৌগোলিক পৰিসৰ লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলালৈ সম্প্ৰসাৰণ। অৱশ্যে চুক্তি স্বাক্ষৰৰ লগে লগেই কাৰ্যকৰী নহয় এই চৰ্ত।

• গঠন হ’বলগীয়া এখন কমিটীৰ পৰামৰ্শৰ পিছতহে কাৰ্যকৰী হ’ব এই ব্যৱস্থা।

• নতুনকৈ প্ৰস্তুত হ’ব BTADৰ ভোটাৰ তালিকা। নতুনকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলে লাভ কৰিব domicile certificate।

• Memorandum of settlementত স্পষ্টকৈ উল্লেখ আছে “A person will be eligible to cast his or her vote in any election within the council or territory if only the names of his or her preceding generations were found in the voter list of 1971 or before or the Legacy Data of 1971 or before in compliance with the final NRC from any constituency within the council or territory”

• অৰ্থাৎ BTADত এজন ব্যক্তিয়ে তেতিয়াহে ভোট দিব পাৰিব যদিহে তেওঁৰ নাম ১৯৭১ চন বা তাৰ পূৰ্বৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নতুবা তেওঁৰ ১৯৭১ বা তাৰ পূৰ্বৰ Legacy Data আছে।

• চুক্তি স্বাক্ষৰ কৰিব NDFB, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে। লগতে স্বাক্ষৰ কৰিব ABSU আৰু বড়োলেণ্ডৰ আন এটা জাতীয় সংগঠনে।

• ১৯৯৩ চনত প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰ হৈছিল ABSU আৰু ভাৰত চৰকাৰৰ মাজত যি চুক্তিৰ যোগেদি BTC গঠন হৈছিল।

• আন এখন চুক্তি স্বাক্ষৰ হৈছিল BLTF আৰু ভাৰত চৰকাৰৰ মাজত যি চুক্তিৰ যোগেদি BTAD গঠন হৈছিল।

• এইখন তৃতীয়খন চুক্তি । এই চুক্তিৰ যোগেদি বড়োলেণ্ড লাভ কৰিব আৰু অধিক অৰ্থনৈতিক ক্ষমতা।
আৰু চাওক
পৰৱৰ্তী বাতৰি