আজি তৃতীয়খন বড়ো শান্তি চুক্তি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হ'ব NDFBৰ চাৰিটা গোটৰে সন্ধি

News18 Assam | News18-Assam
Updated:January 27, 2020, 7:53 AM IST
আজি তৃতীয়খন বড়ো শান্তি চুক্তি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হ'ব NDFBৰ চাৰিটা গোটৰে সন্ধি
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82

আজি হ'বলগীয়া চুক্তিৰ বাবে বিশেষ বিমানেৰে নতুন দিল্লীত দেওবাৰেই উপস্থিত হৈছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।

  • Share this:
আজি সোমবাৰ৷ সপ্তাহৰ প্ৰথমটো দিনত বড়ো জাতিৰ প্ৰতিনিধিৰ সৈতে তৃতীয়খন ত্ৰিপাক্ষিক চুক্তি হ'ব আজি। এই হিচাপত আজি NDFBৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, এবছুৰ নেতৃত্বই বাহৰ পাতিছে নতুন দিল্লীত।

চাৰি দশকজোৰা সশস্ত্ৰ আন্দোলনৰ পিছত এইবাৰ চুক্তি। এই চুক্তিৰ বাবে বিদেশ ফেৰৎ NDFB-Sৰ নেতাসকল এতিয়া নতুন দিল্লীত। নেতৃত্বত বি ছাড়াইগৗড়া আৰু বি আৰ ফেৰেংগা। গোবিন্দ বসুমতাৰী নেতৃত্বাধীন NDFB- Progressiveৰ দলো আছে এতিয়া দিল্লীত। লগতে আছে ধীৰেন বড়ো গোটৰ NDFBৰ শীৰ্ষ নেতৃত্বও। উল্লেখযোগ্য যে ডি আৰ নাবলা ওৰফে ৰঞ্জন দৈমাৰীয়ে আদালতৰ পৰা অগ্ৰিম জামিন লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শনিবাৰে ওলাই গৈ বাহৰ পাতিছে নতুন দিল্লীত।

আজি হ'বলগীয়া চুক্তিৰ বাবে বিশেষ বিমানেৰে নতুন দিল্লীত দেওবাৰেই উপস্থিত হৈছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো।

এই বহু প্ৰত্যাখিত চুক্তিত ৰাজ্য চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। কেন্দ্ৰীয় চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব যুটীয়া সচিব সত্যেন গাৰ্গে। এই চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ স্বাক্ষৰ কৰিব সভাপতি প্ৰমোদ বড়োৱে৷

প্ৰস্তাৱিত চুক্তিক দেওবাৰে আদৰণি জনালে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে৷ হাগ্ৰামাই গণৰাজ্য দিৱসৰ ভাষণত ক'লে, “আমি আশাবাদী সোমবাৰৰ চুক্তিক লৈ৷ আমি যথেষ্ট ক্ষমতা পাম৷ এবছুৱে এতিয়া NDFBৰ সৈতে চুক্তিৰ বাবে আগবাঢ়ি আহিছে৷”

কোকোৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি BTC মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এবছুক পূৰ্বে পৃথক বড়োলেণ্ডৰ দাবী জনোৱাৰ বাবে সমালোচনা কৰিবলৈ নাপাহৰিলে৷
হাগ্ৰামাই ক'লে, “এবছুয়ে মোক এসময়ত গালি পাৰিছিল৷ মই কৈছিলো, পৃথক বড়োলেণ্ড নহয় বুলি৷ মোক এবছুয়ে কি গালি পাৰিছিল? মোক বড়ো সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি আহ্বান জনাইছিল৷ এতিয়া সেই এবছুৰ সভাপতিয়ে NDFBৰ সৈতে চুক্তি কৰিবলৈ আহিছে৷ ভাল কথা৷ Divide Assam 50-50 বুলি আন্দোলন কৰিছিল এবছুৱে৷”

উল্লেখযোগ্য যে ১৯৯৩ত এবছুৰ সৈতে প্ৰথমখন চুক্তি হৈছিল৷ যাক বড়োলেণ্ড অটোনমাছ কাউন্সিল অৰ্থাৎ BAC চুক্তি বুলি জনা যায় ৷ ইয়াৰ পিছত ২০০৩ চনত বড়োলেণ্ড টাইগাৰ ফ'ৰ্চৰ সৈতে হৈছিল দ্বিতীয়খন চুক্তি৷ যিখন BTC চুক্তি বুলি খ্যাত৷
আৰু চাওক
পৰৱৰ্তী বাতৰি