প্ৰথম অৱস্থাত এইসকল শিক্ষক-শিক্ষয়িত্ৰীক ছয়মহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল।
প্ৰথম অৱস্থাত এইসকল শিক্ষক-শিক্ষয়িত্ৰীক ছয়মহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল।
সুদীৰ্ঘ ১৪ মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ ৩৯০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী। ২০১৩ চনত টেট উত্তীৰ্ণ হোৱা ৩৩০০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক ২০১৫ চনৰ বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন নিযুক্তি দিছিল সেই সময়ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। যাৰ ভিতৰত ৩৯০ গৰাকীয়ে বৰ্তমানৰ বিটিআৰত বৰ্তমান কৰ্মৰত হৈ আছে। তেতিয়াৰ পৰা এই ৩৯০ গৰাকী শিক্ষকে মাহেকত মাত্ৰ ৮ হাজাৰ টকা মাননী লৈ যোৱা সাত বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে।
প্ৰথম অৱস্থাত এইসকল শিক্ষক-শিক্ষয়িত্ৰীক ছয়মহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল। পিছত ছয় মাহৰ মূৰে মূৰে সময়সীমা বঢ়াই দিয়া হৈছিল। কিন্তু আগষ্ট মাহৰ পিছত পুনৰ এই সময়সীমা বঢ়াই দিয়া হোৱা নাই বাবে অনিশ্চয়তাত ভুগিছে শিক্ষকসকল।
ইয়াৰ উপৰি বৰ্তমান ১৪ মাহে এই ৩৯০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। যোৱা ১৪টা মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অন্ধকাৰ নমাই আনিছে এইসকল দুৰ্ভগীয়া শিক্ষক-শিক্ষয়ত্ৰীৰ জীৱনলৈ।
আনকি চাৰিগৰাকী শিক্ষকে ইতিমধ্যে অৰ্থৰ অভাৱত ভালদৰে চিকিৎসা সেৱা লাভ নকৰাকৈয়ে মৃত্যু বৰণ কৰিছে। সেয়ে এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ চৰকাৰলৈ আহ্বান, অতি সোনকালে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰি জীৱনটো পোহৰাই তোলে যেন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|