এইবাৰ ভুৱা ৰেফাৰেল আবেদনেৰে চিকিৎসা বিল সংগ্ৰহত নামিছে ৰাজ্যৰ একাংশ চৰকাৰী বিভাগৰ কৰ্মচাৰী। বিত্ত, শিক্ষা আৰু শক্তি বিভাগৰ ৩৯গৰাকী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ।
তিনিওটা বিভাগৰ সৰ্বমুঠ ৩৯ বিষয়া কৰ্মচাৰীয়ে জালিয়াতিৰে দাখিল কৰিছে ৰেফাৰেল আবেদন ৷ ইয়াৰে শক্তি বিভাগৰ ৩৭ গৰাকী, শিক্ষা বিভাগৰ ২ গৰাকী, বিত্ত বিভাগৰ ১ গৰাকী ৷ নিয়ম অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে স্বাস্থ্য বিভাগৰ অনুমতি সাপেক্ষে উভতাই পায় চিকিৎসা ব্যয় ৷ চিকিৎসা ব্যয় উভতাই পাবলৈ চিকিৎসা মহাবিদ্যালয়ৰ ৰেফাৰেল কমিটীয়ে প্ৰদান কৰিব লাগে অনুমতি ৷
পিছে চিকিৎসা মহাবিদ্যালয়ৰ অনুমতি অবিহনে একাংশ চৰকাৰী কৰ্মচাৰীয়ে নিজ ইচ্ছাত চিকিৎসা কৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৷ যি ব্যয় হোৱা ধন উভতাই দিবলৈ দায়বদ্ধ নহয় ৰাজ্য চৰকাৰ ৷ পিছে, এই একাংশ চৰকাৰী কৰ্মচাৰীয়ে জালিয়তিৰ আশ্ৰয় লৈ বছৰৰ পিছত বছৰত জমা দি গৈছে ভুৱা ৰেফাৰেল প্ৰমাণপত্ৰ ৷ আৰু তেনে ভুৱা পত্ৰ জমা দিয়া ৩৯ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷
GMCHৰ অধীক্ষকে দাখিল কৰিছে এজাহাৰ ৷ প্ৰশ্ন হৈছে, একোগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ভুৱা প্ৰমাণ পত্ৰৰে দাখিল কৰিছে ৪ ৰ পৰা ১০ লাখ পৰ্য্যন্ত বিল ৷ অৰ্থাৎ ৩৯ বিষয়া কৰ্মচাৰীৰ প্ৰায় ৪ কোটিৰ অধিক কেলেংকাৰী সংঘটিত কৰাৰ সন্দেহ অভিযোগকাৰীৰ ৷ প্ৰশ্ন হৈছে ভুৱা ৰেফাৰেল প্ৰমাণ পত্ৰৰে আবেদন কৰা বিষয়া কৰ্মচাৰীসকলে ভুৱা ভাৱে উলিয়াইছিল নেকি স্বাস্থ্য বিল ৷ সেয়া হয়টো আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব!
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 05, 2021, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|