কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু

বুঢ়াপাহাৰৰ সমীপৰ পৰা আৰম্ভ হ'বলগীয়া উৰণীয়া সেঁতুখনৰ ওপৰত দুয়োকাষে কৃষ্ণচূড়া গছ ৰোপণ কৰা হ'ব৷

News18-Assam
Updated:September 6, 2019, 3:44 PM IST
কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু
বুঢ়াপাহাৰৰ সমীপৰ পৰা আৰম্ভ হ'বলগীয়া উৰণীয়া সেঁতুখনৰ ওপৰত দুয়োকাষে কৃষ্ণচূড়া গছ ৰোপণ কৰা হ'ব৷
News18-Assam
Updated: September 6, 2019, 3:44 PM IST
বিজু কুমাৰ ডেকা : অসমৰ স্বাভিমান কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ'ব ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু৷ কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেঁতুখন হ'ব পৰিৱেশ অনুকূল৷ নিৰ্মাণকাৰ্যত ব্যয় কৰা হ'ব ২,৬০০ কোটি টকা৷

১১ মিটাৰ বহলকৈ নিৰ্মাণ কৰিবলগীয়া দলঙখনৰ বাবে DPR প্ৰস্তুত কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-এ৷ এই কথা শুকুৰবাৰে NEWS18ক সদৰি কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷

অহা নৱেম্বৰৰ ভিতৰত DPR প্ৰস্তুত কৰা কাৰ্য সম্পন্ন হ'ব আৰু ২০২০ৰ পহিলাতেই নিবিদা আহ্বান কৰা হ'ব বুলি সদৰি কৰিছে বনমন্ত্ৰী শুক্লবৈদ্যই৷ বুঢ়াপাহাৰৰ সমীপৰ পৰা আৰম্ভ হ'বলগীয়া উৰণীয়া সেঁতুখনৰ ওপৰত দুয়োকাষে কৃষ্ণচূড়া গছ ৰোপণ কৰা হ'ব৷

https://www.worldwildlife.org


বৰ্তমান সেউজ ন্যায়াধিকৰণৰ সন্মতিক্ৰমে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙাৰ উৰণীয়া সেঁতুখন নিৰ্মাণ সম্পন্ন হ'লে জীৱকুলৰ বাবে সুবিধাজনক হ'ব আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব বুলিও মন্তব্য শুক্লবৈদ্যৰ। সকলো ঠিকে থাকিলে ২০২০ৰ পৰাই আৰম্ভ হ'ব উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য৷
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি