কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ (Elevated Corridor) আৰু পথ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰী নীতিন গডকাৰীৰ লগত আলোচনা কৰি ইতিমধ্যে চূড়ান্ত কৰিছে এই কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ বিভিন্ন বন্যপ্ৰাণী আহত আৰু নিহত হ'ব লগা হৈছে। সেই বিষয়টো ফাষ্ট ট্ৰেকত আনি বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ চৰকাৰৰ।
বিগত তিনি-চাৰি বছৰ ধৰি WILD LIFE INSTITUTE OF INDIA, ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ প্ৰাধীকৰণ আৰু গড়কাপ্তানী বিভাগে এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰি আছিল। লগতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণে কাজিৰঙাৰ ঘাই পথত দুৰ্ঘটনাত বন্যপ্ৰাণী মৃত্যু হোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত গড়কাপ্তানী বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত থকা ৯ টা বন্যপ্ৰাণী কৰিড'ৰ (Animal Corridor)ৰ সাঙুৰি ৩৫ কিলোমিটাৰ এলিভেটেড ক’ৰিডৰ আৰু পথ নিৰ্মাণৰ প্ৰস্তাৱ দিছে।
এই এলিভেডেট কৰিডৰ আৰু নিৰ্মাণ হ’লে বন্য প্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰটো ৰাষ্ট্ৰীয় উদ্যান খনৰ বাবে সহায়ক হ’ব বুলি মত প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে৷
সাধাৰণতে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বন্যপ্ৰাণী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ পাহাৰৰ ফালে ঢাপলি মেলে। তেতিয়াই তীব্ৰবেগী বাহনৰ খুন্দাত আহত অথবা মৃত্যু হয় বহু জন্তুৰ ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক জনে জনোৱা মতে, কাজিৰঙাৰ ৰাজ পথৰ তিনি ঠাইত নিৰ্মাণ হ'ব এলিভেটেড কৰিড'ৰ আৰু পথ। কলিয়াবৰ মহকুমাৰ আমগুৰিৰ পৰা দেউপানী লৈকে ১৮ কিলোমিটাৰ কৰিড'ৰ, বাগৰি আৰু পানবাৰীত একোটাকৈ এলিভেটেড কৰিড'ৰ নিৰ্মাণ হ'ব। ইতিমধ্যে গড়কাপ্তানী বিভাগে সামগ্ৰিকভাৱে আগবঢ়াইছে কাম।
উল্লেখ যে, পূৰ্বতে কলিয়াবৰ মহকুমাৰ আমগুৰিৰ পৰা বোকাখাত পৰ্যন্ত ৩৮ কিলোমিটাৰ পথত এলিভেটেড ক’ৰিডৰ নিৰ্মাণ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণবশত সেয়া হ্ৰাস কৰি এতিয়া ৩৫ কিলোমিটাৰ পথত এলিভেটেড ক’ৰিডৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশেৰে ৰে'ল পথ নির্মাণকলৈও ৰে'লৱে বিভাগে অধ্যয়ন চলাই আছে যদিও ৰে'ল লাইন নিৰ্মাণৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বৰ্তমানলৈকে আনুষ্ঠানিক ভাৱে জনোৱা নাই বুলি সদৰী কৰে সঞ্চালক গৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|