ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক বিশেষ খবৰ। কাৰণ অসমত অতি শীঘ্ৰে বন্ধ হ’ব ৩৪ খন বিদ্যালয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ 'শূন্য প্ৰদৰ্শন' পঞ্জীয়ন হোৱাৰ পাছত বিদ্যালয়সমূহৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত শূন্য উত্তীৰ্ণ শতাংশৰ সৈতে থকা ৩৪ খন চৰকাৰী/প্ৰাদেশিককৃত বিদ্যালয় আৰু ৫৭ খন স্বীকৃত ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।
মন কৰিবলগীয়া কথা যে, ২০২২ চনৰ ১৭ জুলাইত এক পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে মাধ্যমিক শিক্ষা বিভাগক শেহতীয়াকৈ হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ ফলাফল দেখুওৱা বিদ্যালয়সমূহ চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত আন বিদ্যালয়সমূহৰ সৈতে একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। জানিব পৰা মতে মাধ্যমিক শিক্ষা বিভাগে বিদ্যালয়ৰ সংমিশ্ৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত শূন্য প্ৰদৰ্শনৰ সৈতে চৌত্ৰিশখন চৰকাৰী/প্ৰাদেশিক বিদ্যালয়ৰ এতিয়াৰে পৰা নিজা পৰিচয় নাথাকিব। কৰ্তৃপক্ষই এই ৩৪ খন বিদ্যালয়ক তেওঁলোকৰ ওচৰৰ বিদ্যালয়সমূহৰ সৈতে একত্ৰিত কৰিব।
বন্ধ হ'বলগীয়া বিদ্যালয়সমূহদ ভিতৰো কাছাৰ জিলাত ৫ খন, চিৰাং জিলাত ১ খন, দৰং জিলাত ১ খন, ধুবুৰী জিলাত ২ খন, ডিব্ৰুগড় জিলাত ১ খন, গোৱালপাৰা জিলাত ২ খন, গোলাঘাট জিলাত ১ খন, হাইলাকান্দি জিলাত ১ খন, যোৰহাট জিলাত ৫ খন, কামৰূপ জিলাত ১ খন, কাৰ্বি আংলং জিলাত ৭ খন, কোকৰাঝাৰ জিলাত ১ খন, লখিমপুৰ জিলাত ২ খন, নগাঁও জিলাত ২ খন, নলবাৰী জিলাত ১ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১ খন বিদ্যালয় হ’ব বন্ধ বুলি জানিব পৰা গৈছে।
এই বন্ধ হ'বলগীয়া বিদ্যালয়সমূহক আন বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব। আনহাতে, শূন্য উত্তীৰ্ণৰ শতাংশ থকা ৫৭ খন স্বীকৃত ভেঞ্চাৰ বিদ্যালয়েও এতিয়া নিজৰ 'স্বীকৃতি' হেৰুৱাব লাগিব। এনে বিদ্যালয়বোৰৰ ভিতৰত যোৰহাট জিলাত ৬ খন, কামৰূপ আৰু নগাঁও জিলাত ৫ খনকৈ, ডিব্ৰুগড় আৰু হোজাই জিলাত ৪ খনকৈ, বাক্সা, বঙাইগাঁও, কাৰ্বি আংলং, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ৩ খনকৈ; চৰাইদেউ, গোলাঘাট, কামৰূপ-এম, মাজুলী, নলবাৰী জিলাত ২খনকৈ আৰু বৰপেটা, কাছাৰ, ধুবুৰী, ডিমা হাচাও, গোৱালপাৰা, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও আৰু গাঁও জিলাত এখন বন্ধ হ'ব
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|