গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ কোৰোণাৰ, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১৯৫জন

News18 Assam | News18-Assam
Updated:June 29, 2020, 9:06 AM IST
গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ কোৰোণাৰ, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১৯৫জন
বিগত ২৪ ঘণ্টাত অৰ্থাৎ দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩২৭জন।

বিগত ২৪ ঘণ্টাত অৰ্থাৎ দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩২৭জন।

  • Share this:
গুৱাহাটী মহানগৰীত অতি ভয়ংকৰ ৰূপ লৈছে কোৰোণা ভাইৰাছে। বিগত ২৪ ঘণ্টাত অৰ্থাৎ দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩২৭জন। ইয়াৰ ভিতৰত ১৯৫জনেই গুৱাহাটী মহানগৰীৰ। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ আক্ৰান্তসকলৰ ১২০জনৰ নাই কোনো ট্ৰেভেল হিষ্ট্রী।

ৰাজ্যত এতিয়ালৈকে কোৰোণাত আক্ৰান্ত হৈছে ৭৪৯২জন লোক। ইয়াৰ ভিতৰত ২৩৯০জন বৰ্তমান চিকিৎসাধীন হৈ আছে, ৫০৮৮জন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু ১১জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে কোৰোণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউন আজিৰে পৰা গুৱাহাটী মহানগৰীত কাৰ্যকৰী হৈছে।

First published: June 29, 2020, 9:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading