
বছৰৰ অন্তিম দিনটোত লগে ভাগে এসাজ খোৱাৰ পূৰ্বে জানি লওক গুৱাহাটী মহানগৰীত মাছ-মাংসৰ দাম।
বছৰৰ অন্তিম দিনটোত লগে ভাগে এসাজ খোৱাৰ পূৰ্বে জানি লওক গুৱাহাটী মহানগৰীত মাছ-মাংসৰ দাম।
এতিয়া পুৰণিক বিদায় জনাই নতুনক আদৰাৰ সময়। আজি ২০২১ বৰ্ষৰ অন্তিম দিন। ৩১ ডিচেম্বৰৰ নিশা এইবাৰ পাৰ্টি কৰিম বুলি ভাবি থকাসকলৰ বাবে এইখবৰ অতি গুৰুত্বপূৰ্ণ। বছৰৰ অন্তিম দিনটোত লগে ভাগে এসাজ খোৱাৰ পূৰ্বে জানি লওক গুৱাহাটী মহানগৰীত মাছ-মাংসৰ দাম।
মহানগৰীৰ বজাৰ ভেদে মাছ-মাংসৰ দামঃ
- চিতল (প্ৰতিকেজিৰ হিচাপত) ৫০০ৰ পৰা ৮০০টকা।
- আঁৰি(প্ৰতিকেজিৰ হিচাপত) ৬০০ৰ পৰা ৮০০টকা।
- বৰালী(প্ৰতিকেজিৰ হিচাপত) ৬০০ৰ পৰা ৯০০ টকা।
- ভকুৱা(প্ৰতিকেজিৰ হিচাপত) ৪০০ৰ পৰা ৬০০ টকা।
- গাচকাপ(প্ৰতিকেজিৰ হিচাপত) ৩৩০ৰ পৰা ৫০০টকা।
- লুকেল মূৰ্গী(প্ৰতিকেজিৰ হিচাপত) ৪৫০টকা কিলো।
- হাঁহ(প্ৰতিকেজিৰ হিচাপত) ১৩০০টকা জোৰা।
- ছাগলী(প্ৰতিকেজিৰ হিচাপত) ৬৩০ৰ পৰা ৭০০টকা।
- ব্ৰয়লাৰ(প্ৰতিকেজিৰ হিচাপত) গোটা ১৪০টকা, কটা ২৬০টকা।
ইফালে ৩১ ডিচেম্বৰৰ নিশা পাৰ্টিৰ নামত সুৰাপান কৰাসকলক ইতিমধ্যেই সাৱধান কৰি দিছে ৰাজ্য চৰকাৰে। সুৰাপান কৰি বাহন চলালেই হ'ব লাগিব ৰঙাঘৰৰ আলহী। ইতিমধ্যে ৰাজ্যজুৰি আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|