• Home
  • »
  • News
  • »
  • assam
  • »
  • Car Owners Alert : ৩১ ডিচেম্বৰ ডেডলাইন, আপোনাৰ যদি গাড়ী আছে কৰি লওক এইসমূহ কাম

Car Owners Alert : ৩১ ডিচেম্বৰ ডেডলাইন, আপোনাৰ যদি গাড়ী আছে কৰি লওক এইসমূহ কাম

সাংকেতিক ছবি

সাংকেতিক ছবি

নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰি লওক যান-বাহন সম্পৰ্কীয় এইসমূহ কাম। পৰিবহণ বিভাগে ৩১ ডিচেম্বৰলৈ নথি-পত্ৰ নবীকৰণ, কৰ আদায়ৰ অন্তিম সময়সীমা বৃদ্ধি কৰিলে ।

  • Share this:
অসম চৰকাৰৰ পৰিবহণ বিভাগে যান-বাহনৰ গৰাকীসকল (Car Owners)ৰ সুবিধাৰ্থে বকেয়া কৰ বা ৰাজহ (Arrear Tax) আদায় দিয়াৰ অন্তিম সময়সীমা শেষবাৰৰ বাবে ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে (Gautam Das) জানিবলৈ দিয়া মতে এইবাৰ শেষবাৰৰ বাবে পৰিবহণ বিভাগে বকেয়া কৰ আদায় দিয়াৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ (31st December)লৈ বৃদ্ধি কৰিছে। সকলো যান-বাহনৰ গৰাকীক এই নিৰ্ধাৰিত সময়ৰ ভিতৰত বকেয়া কৰ আদায় দিয়াৰ লগতে যান-বাহনৰ যাৱতীয় নথি-পত্ৰ নবীকৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

৩১ ডিচেম্বৰৰ অন্তিম সময়সীমাৰ ভিতৰত বকেয়া কৰ আদায় নিদিয়া আৰু ম্যাদ উকলি যোৱা নথি-পত্ৰ সমূহ যেনে Driving License, Car insurance, Car Pollution Certificate, Permit, Registration Eof নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে পহিলা জানুৱাৰীৰ পাছত বিশেষ অভিযান চলোৱা হ'ব । অভিযানত বকেয়া কৰ আদায় নিদিয়াকৈ পথত চলি থকা ধৰা পৰিলে তেনে বাহনৰ পৰা অতিৰিক্ত জৰিমনা আদায় লোৱা হ'ব ।

ক’ভিড (Covid19) পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে যান-বাহনৰ গৰাকীসকলক কৰ আদায় দিয়াৰ বাবে সাতবাৰকৈ সময়সীমা বৃদ্ধি কৰিছিল । সেই অন্তিম সময়সীমা ইতিমধ্যে ৩১ অক্টোবৰত উকলি গৈছিল । তাৰ পাছত অসম চৰকাৰৰ পৰিবহণ বিভাগে ৩০ নৱেম্বৰ আৰু শেহতীয়াকৈ ৩১ ডিচেম্বৰলৈকে নথি-পত্ৰ নবীকৰণসহ অন্তিম সময়সীমা বৃদ্ধি কৰিলে ।

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে ৩০ নৱেম্বৰত প্ৰথম অন্তিম সময়সীমা উকলি যোৱাৰ পূৰ্বতে একাংশ যান-বাহনৰ গৰাকীয়ে বিভাগক বকেয়াসহ যাবতীয় কৰ কাটল আদায় দিছে । কিন্তু কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে আবেদন – নিবেদন জনোৱা স্বত্বেও বহু যান বাহনৰ গৰাকীয়ে অদ্যপি পৰিবহণ বিভাগক কৰ আদায় দিয়া নাই। উল্লেখযোগ্য যে এই ক্ষেত্ৰত পৰিবহণ বিভাগে বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠান আয়োজন কৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: