মুখ্যপৃষ্ঠা »খবৰ »অসম »31NHৰ ওপৰেৰে বাগৰিছে পানী ! ভূটানৰ পৰা নামি অহা ঢলে বঙাইগাঁৱত সৃষ্টি কৰিছে জলপ্ৰলয়ৰ...

31NHৰ ওপৰেৰে বাগৰিছে পানী ! ভূটানৰ পৰা নামি অহা ঢলে বঙাইগাঁৱত সৃষ্টি কৰিছে জলপ্ৰলয়ৰ...

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰে বাগৰিছে আই নৈৰ বাঢ়নী পানী ৷ কেইবাঠাইটো ৰাইজে শ্ৰমদানৰে মথাউৰি ৰক্ষাৰ অপ্ৰাণ চেষ্টা চলাইছে।

  • Share this:
ভূটানৰ পৰা নামি অহা ঢলে বঙাইগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে ৷ সিদলসতীত আই নৈৰ বাঢ়নী পানীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে বাগৰি যোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি ৰাখালডুবিৰ পৰা টুলুঙীয়া সংযোগী পথছোৱাৰে বিপদজ্জনকভাৱে যান বাহন চলাচল কৰা পৰিলক্ষিত হৈছে । প্ৰশাসনে বানপানীৰ কবলত পৰা এই পথটোৰে গধুৰ যান বাহনৰ চলাচলত বাধা আৰোপ কৰিছে ৷

ইফালে, আই নৈৰ বাঢ়নী পানীয়ে বহু ঠাইত মথাউৰিলৈ সংকট কঢ়িয়াই আনিছে ৷ বিশেষকৈ হুৰামাৰা , জাৰাগুৰী আদিকে কৰি কেইবাঠাইত বানপানীয়ে মথাউৰি ছিঙি নিয়াৰ উপক্ৰম হৈছে ৷ স্থানীয় ৰাইজে বালিৰ বস্তা আদি পেলাই মথাউৰি ৰক্ষাৰ অপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ আই নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাই গৈ থকাৰ ফলত জিলাখনৰ বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে ৷ ইফালে , জিলাখনৰ বিভিন্ন  অঞ্চলত বহু লোক জলবন্দী হৈ পৰিছে । বানপানীত আৱদ্ধ হৈ পৰা লোকসকলক এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷ জিলাখনৰ শতাধিক গাঁও বানপানীৰ কবলত পৰাৰ ফলত নিৰাপদ স্থান বিচাৰি বানাক্ৰান্তই হাহাকাৰ কৰিব লগীয়া হৈছে ৷

শেহতীয়া বাতৰি