• Home
  • »
  • News
  • »
  • assam
  • »
  • By Election : ৫ সমষ্টিৰ উপ নিৰ্বাচনত মুঠ ৩১ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা, ৮ জনে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

By Election : ৫ সমষ্টিৰ উপ নিৰ্বাচনত মুঠ ৩১ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা, ৮ জনে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

By Election Assam :  ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ৩১ জন প্ৰাৰ্থীয়ে ৷

By Election Assam : ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ৩১ জন প্ৰাৰ্থীয়ে ৷

By Election Assam : ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ৩১ জন প্ৰাৰ্থীয়ে ৷

  • Share this:
শনিবাৰে আছিল ৰাজ্যৰ পাঁচ সমষ্টিৰ মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৷ এই অন্তিম দিনটোত আঠজন প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয় ৷ ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচন (By Election)ত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ৩১জন প্ৰাৰ্থীয়ে ৷

শনিবাৰৰ দিনটোত তামোলপুৰ সমষ্টিত মনোনয়ন দাখিল কৰা তিনিজন আৰু গোসাঁইগাঁও (Gosaigaon) সমষ্টিত মনোনয়ন দাখিল কৰা পাঁচজন প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰে ৷

শনিবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে গোসাঁইগাঁও সমষ্টিত আঠজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো আনুষ্ঠানিকভাৱে নিশ্চিত হয় ৷ ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ জুয়েল টুডু, UPPLৰ জিৰণ বসুমতাৰী, AIUDFৰ খাইৰুল আনম খণ্ডকাৰ, নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওছমান গনি আৰু আব্দুল হাছেম আকণ্ড ৷

ভৱানীপুৰ (Bhavanipur) সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব BJPৰ ফণীধৰ তালুকদাৰ, কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস, AIUDFৰ জুব্বাৰ আলী, ৰোড মেপ পাৰ্টীৰ মেৰিজুল হক, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ছিবেন দাস, নিৰ্দলীয় প্ৰাৰ্থী ছৌকট আলী আহমেদ, খাম্ফা খুংগুৰ বসুমতাৰী আৰু আৰিফুল ইছলামে ৷

তামুলপুৰ (Tamulpur) সমষ্টিৰ প্ৰাৰ্থী হৈছে ক্ৰমে কংগ্ৰেছৰ ভাস্কৰ দাহাল, UPPLৰ জলেন দৈমাৰী, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ৰাজ কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী আৰু যশৱন্ত চৌহান ৷

একেদৰে মৰিয়নি (Mariani) সমষ্টিৰ প্ৰাৰ্থী হৈছে ক্ৰমে BJPৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু নিৰ্দলীয় হিচাপে সঞ্জীৱ গগৈ ৷

ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে শনিবাৰে ঘোষণা কৰা মতে থাওৰা (Thowra) সমষ্টিৰ প্ৰাৰ্থী হৈছে মুঠ পাঁচজন ৷ ইয়াৰ ভিতৰত আছে BJPৰ সুশান্ত বৰগোহাঁই, কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, CPIৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ধৈৰ্য্য কোঁৱৰ আৰু লোহিত গোৱালা ৷
Published by:Manjumoni Borah
First published: