অপেছাদাৰী নাটকৰ বিভিন্ন সম্পৰীক্ষাৰ সৈতে বিগত চাৰি দশকৰো অধিক কাল ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা 'ৰংঘৰ বৰপেটা'ৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে '৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ' ৷
এইবেলি লেটিন আমেৰিকাৰ দেশ উৰুগুৱেৰ নাট্যদলৰ উপস্থিতিৰে ক্ৰমাৎ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ উত্তৰণ ঘটা ৰংঘৰ নাট মহোৎসৱখনি বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই মুকলি কৰে ৷
ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিক্ষাবিদ ড০ ৰণজিৎ ডেকা, বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু অনিল কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কুলধৰ শইকীয়াই নাট মহোৎসৱখন মুকলি কৰে।
নাট মহোৎসৱখন মুকলি কৰি কুলধৰ শইকীয়াই বৰপেটাৰ মানুহ নাটকৰ বাবে ফাটেকলৈ যাবলৈ সাজু বুলিও মন্তব্য কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|