বিধায়কগৰাকীয়ে চৰকাৰী প্ৰশাসনিক বিষয়াসকলক চাউল চোৰ আখ্যা দিছিল। আনহাতে চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল অসংসদীয় শব্দ।
বিধায়কগৰাকীয়ে চৰকাৰী প্ৰশাসনিক বিষয়াসকলক চাউল চোৰ আখ্যা দিছিল। আনহাতে চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল অসংসদীয় শব্দ।
প্ৰশাসনিক বিষয়াৰ ৰোষত পৰিছে বিজেপিৰ এগৰাকী বিধায়ক। লক্ষীপুৰৰ বিজেপি বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে চূড়ান্ত বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ।
বিধায়ক কৌশিক ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিষয়াসকলৰ। প্ৰায় ৩০গৰাকী বিষয়াই পত্ৰৰ জৰিয়তে এই অভিযোগ উত্থাপিত কৰিছে। মন্ত্ৰী অশোক সিংঘালৰ উপস্থিত ৩ গৰাকীকৈ প্ৰশাসনিক বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়ক ৰায়ৰ বিৰুদ্ধে।আনকি বিষয়াসকলে বিধায়কজনৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, এক বান শিবিৰ পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে বিষয়া কেইগৰাকীক দুৰ্ব্যৱহাৰ কৰিছিল। দীপাংকৰ নাথ, বিকাশ ছেত্ৰী আৰু হুছেইন মহম্মদ মবিনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। ফলত কাছাৰ জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকল ক্ষোভিত হৈ পৰিছে। বিধায়কগৰাকীয়ে চৰকাৰী প্ৰশাসনিক বিষয়াসকলক চাউল চোৰ আখ্যা দিছিল। আনহাতে চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল অসংসদীয় শব্দ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|